
কাজিৰঙাঃ বছৰ বছৰ ধৰি অসম-নাগালেণ্ড সীমান্তত বসবাস কৰা লোকসকলে যমৰ-যাতনা ভোগ কৰি আহিছে৷ কেতিয়াবা উগ্ৰপন্থী কেতিয়াবা বন্য জীৱ-জন্তুৰ সন্ত্ৰাসৰ মাজত দিন পাৰ কৰে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসম-নাগালেণ্ড সীমান্তত বসবাস কৰা লোকৰ কথা নাভাবি নিশাৰ ভিতৰতে ৰূপায়ণ কৰে নাগালিম চুক্তি৷ সকলোকে এন্ধাৰত ৰাখি চুক্তি কৰাৰ ফলত ক্ৰমান্বয়ে যেন নগাৰ দপদপনি অসমৰ ভূমিত বৃদ্ধি পাইছে৷
অসমৰ ভূমিত মহকুমাৰ গঠনৰ লগতে সন্ত্ৰাস আৰম্ভ কৰে নাগালেণ্ড প্ৰশাসনে৷ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নোহোৱা হোৱা অসমৰ থলুৱা লোকসকলক হত্যাৰ ভাবুকি দিয়াৰ লগতে মাটি দখল কৰি ব্যতিব্যস্ত কৰি আহিছে৷ সীমান্তৰ অসমীয়া লোকৰ চাহ খেতি দখল কৰি নগাই ঘৰ-বাৰি সাজি বসবাস কৰিবলৈ আৰম্ভ কৰিছে৷ নগা দুৰ্বৃত্তৰ এনে কাৰ্যত সম্পূৰ্ণ সহায় সহযোগ কৰে নগালেণ্ডৰ চৰকাৰ-প্ৰশাসনে৷
কিন্তু অসমৰ চৰকাৰ খন সম্পূৰ্ণ ওলোটা৷ অসমৰ প্ৰতি খন চৰকাৰে সীমান্তৰ লোকৰ সুৰক্ষাৰ বাবে নগা দুৰ্বৃত্তক নাকি লগাবলৈ সক্ষম হোৱা নাই৷ তাৰ মাজতে নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি অহাৰ পিছত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰে এখন চুক্তিৰ৷
এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ যাৰ ফলত শংকিত হৈ পৰে ৰাজ্যৰ লোক৷ আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰে দিল্লীয়ে৷ ৰাজ্যৰ দল-সংগঠন তথা বিৰোধি দলে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ মাজতে বৃহস্পতিবাৰে অসম বিধান সভা এটি দল অসম-নাগালেণ্ড সীমান্ত ভ্ৰমণ কৰিবলৈ যায়৷
নাগালিমক লৈ সীমান্তৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে স্পৰ্শকাতৰ মেৰাপানী সীমান্তত উপস্থিত হয় অসম বিধান সভাৰ আইন ৰূপায়ণ সমিতিৰ এটা দল। বৃহস্পতিবাৰে পুৱাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত যোৱা দলটোত বিধায়ক সত্যব্ৰত কলিতা, ৰণোজ পেগু, উৎপল বৰা আৰু নাৰায়ণ ডেকাই সহযোগ কৰে। দলটোৱে সৰ্বপ্ৰথমে মেৰাপানীস্থিত নিৰপেক্ষ বাহিনীৰ চাউনিত এক বৈঠকত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়।
উল্লেখযোগ্য যে ভ্ৰমণকাৰী দলটোৱে মেৰাপানী সীমান্তৰ এটাও স্পৰ্শকাতৰ এলেকা প্ৰতক্ষ্য নকৰাকৈয়ে ধনশিৰি সীমান্তলৈ ৰাওনা হয়। বিধায়ক মৃণাল শইকীয়াই বৃহত্তৰ নাগালিমৰ ধাৰণা এক অমূলক তথা কাল্পনিক বুলি অভিহিত কৰি ৰাজ্যবাসীয়ে নাগালিমক লৈ অযথা হৈ-চৈ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। মৃণাল শইকীয়াৰ দাবী, শেহতীয়াকৈ নগাই কোনোধৰণৰ আগ্ৰাসন কৰা নাই অসম ভূমিত।
দলটোৱে সীমান্তৰ শেহতীয়া জ্বলন্ত সমস্যালৈ পিঠি দি সীমান্ত অঞ্চলটোত সন্দেহজনক লোকৰ আগমন সম্পৰ্কেহে অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। কিয়নো সীমান্ত অঞ্চলটোৰ অগ্নিগৰ্ভা গড়বস্তি পৰিদৰ্শনৰ কৰাৰ বিপৰীতে দলটোৱে মাথোঁ সন্দেহজনক লোকৰ সন্ধানত পৰিদৰ্শন কৰে মেৰাপানীৰ নেঘেৰিবিল নামৰ গাঁওখন।
ইফালে, অগপ বিধায়ক সত্যব্ৰত কলিতাই মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই অসমৰ এক ইঞ্চি মাটিও নগালিমত অন্তৰ্ভূক্ত নহয় বুলি পুনৰবাৰ মন্তব্য কৰে। সত্যব্ৰত কলিতাই নৱগঠিত মহকুমা সন্দৰ্ভতো গুৰুত্বপূর্ণ মন্তব্য কৰে। পূৱাতে যোৱা এই দলটিয়ে প্ৰথমে মেৰাপানীৰ ডি-চেক্টৰৰ CRPF কেম্প পৰিদৰ্শন কৰাৰ পাছতে চেতিয়া গাঁৱৰ SSB কেম্প পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালতে মৃণাল শইকীয়াই মেৰাপানীত আৰু দুটা Border out post (BOP) দিব বুলি ন-খুটিত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ঘোষণা কৰে৷