
কোকৰাঝাৰঃ বিটিএডিৰ প্ৰধান চহৰ তথা সদৰ কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত শুকুৰবাৰৰ পৰা ১৪ দিনীয়াকৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা। ৰাজ্যৰ শিপিনীসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন হস্ততাঁত সামগ্ৰী বিক্ৰীৰ বাবে এক বজাৰ তৈয়াৰ কৰা তথা শিপিনীসকলক উৎসাহিত কৰা আৰু ৰাজ্যৰ বাহিৰৰ শিপিনীৰ দ্বাৰা তৈয়াৰী হস্ততাঁত সামগ্ৰী ৰেহাাই মূল্যত ক্ৰয় কৰিবলৈ গ্ৰাহকক সুযোগ দিয়াৰ মুল উদ্দেশ্যৰে আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই ৷

হস্ততাঁত আৰু বস্ত্ৰমেলাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পিছতে শিপিনী সকলৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয়৷ সভাত ব্ৰাফেডৰ অধ্যক্ষ এন এন ৰানা পাটগিৰিয়ে আদৰনি ভাষন আগবঢ়াই শিপনীসকলৰ আৰ্থ-সামাজিক মানদণ্ড উন্নীত কৰিবলৈ ব্ৰফেডে প্ৰতিষ্ঠা কালৰে পৰা অহপুৰোষাৰ্থ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে৷ কোকৰাঝাৰৰ ৰাসমেলা পথাৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰমেলাত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও হাৰিয়ানা, দিল্লী, পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, জন্মু কাশ্মীৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ৫৩টাকৈ ষ্টলে অংশগ্ৰহন কৰিছে।
ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰমেলাখন সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰনালয়ে ২২ লাখ টকা অনুমোদন দিয়া বুলি সদৰি কৰি ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এন ৰাণা পাটগিৰিয়ে কোকৰাঝাৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাত ১ কোটি ৫০ লাখ টকা হস্ততাঁত বস্ত্ৰশিল্প বিক্ৰী হব বুলি আশা প্ৰকাশ কৰে৷ তদুপৰি আজিৰে পৰা আৰম্ভ হোৱা ১৪ দিনীয়া ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাত গ্ৰাহক সকলক ৰেহাই মূল্যত কাপোৰ ক্ৰয় কৰাৰ বাবেও সুবিধা প্ৰদান কৰা হৈছে বুলি সদৰি কৰে ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এন ৰাণা পাটগিৰিয়ে ৷ ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰমেলা উপলক্ষে অনুষ্ঠিত হোৱা আজিৰ সভাত কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, দনেশ্বৰ গয়াৰী আৰু দেৱেন বড়ো আৰু ব্ৰাফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰী উপস্থিত থাকে৷