
তেজপুৰঃ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিক বৰফুকনক শুকুৰবাৰে তেজপুৰত ৰাইজে স্মৰণ কৰে৷ তেজপুৰৰ লাচিত বাকৰিত লাচিত বৰফুকনৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তিৰ সমীপত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে লাচিত দিৱস পালন কৰে।
প্ৰাক্তন নেতা দুল্লভ শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকা, অপুৰ্ব ভট্টচাৰ্য, ৰাণা প্ৰতাপ বৰুৱা, মৃদুল শৰ্মা, হিমাশু শইকীয়া, সঞ্জীৱ হাজৰিকা আদি উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি যাচে। তেজপুৰৰ নেহৰু ময়দানক লাচিত বাকৰি হিচাপে নামাকৰণ কৰাৰ দাবী জনাই যুৱ-ছাত্ৰ পৰিষদে। ইফালে জিলা প্ৰশাসনে লাচিত বৰফুকন নামৰ নাটক মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।