
নলবাৰীঃ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক নলবাৰীৰ বিভিন্ন প্ৰান্ত দল-সংগঠনে স্মৰণ কৰে। গণমিত্ৰ, অসমৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় লাচিত দিৱস৷ পুৱা যোগেশ মহন্তই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভৰাম্ভ কৰে কৰাৰ পিছতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে হিন্দু জাগৰণ মঞ্চ, অসমৰ সম্পাদক গৌতম মেধিয়ে। দিনৰ এঘাৰ বজাত সাংস্কৃতিক কৰ্মী, অভিনেতা পংকজ পল্লৱ শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
উদযাপন সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল ৰাজবংশীয়ে আঁত ধৰে সভাত৷ সভাত উপস্থিত থাকি যুৱ সমাজ সংগঠক শান্তনু কলিতাই নিবনুৱা অসমীয়া গণমিত্ৰই নিজে উৎপাদন কৰিলেহে অসমীয়া জাতি আগবাঢ়ি পাৰিব বুলি কয়। নহলে বাংলাদেশী মিঞাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা সামগ্ৰী খাই থাকিলে অসমীয়া জাতিৰ অস্তিত্ব কিছু দিনৰ ভিতৰত নোহোৱা হ’ব বুলি দোহাৰি লাচিত বৰফুকনৰ নিজস্বতা আছিল বুলি কয়। মাথো অসমৰ অসমীয়া জাতিৰ বাবে কাম কৰিছিল।
আনকি লাচিতে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিল অসমীয়াৰ বাবে। সভাখন উদ্বোধন কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নেতা কিশোৰ শিৱমে। সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া মাতৃ একোগৰাকী লাচিতে বৰফুকন জন্ম দিব লাগে আৰু তেওঁৰ আদৰ্শ গ্ৰহণ কৰি অসমীয়া সমাজ খন গঢ় দিয়াৰ প্ৰয়োজন আহি পৰিছে বুলি দোহাৰে। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান খন উদ্বোধন কৰে ক্ৰীড়া সংগঠনক হেমেন্দ্ৰ মহন্তই।