তীব্ৰ ক্ষোভ, বান্দৰক কলৰ বাকলি দিয়াৰ দৰে আমাক মহকুমা দিছে চৰকাৰে

খেৰণিঃ কংগ্ৰেছৰ কাৰ্যকালত গণ্ডাই গণ্ডাই মহকুমা ঘোষণা কৰিছিল তৰুণ গগৈৰ চৰকাৰৰ মন্ত্ৰীয়ে৷ নিৰ্বাচনৰ বৈতৰণি পৰা কৰিবলৈ নতুন মহকুমা ঘোষণা কৰিলে ঠিকেই কিন্তু মহকুমা এতিয়া একাংশ লোকৰ বাবে গলগ্ৰহ হৈ পৰিছে৷ ২০১৬ চনৰ ২৬ জানুৱাৰীত ২৪ খন নতুন মহকুমা আৰু ৫ খন নতুন জিলাৰ ঘোষণা কৰিছিল তৰুণ গগৈয়ে। তৰুণ চৰকাৰৰ কাৰ্যকালত মহকুমা বৃদ্ধি হৈ ৭৮ খন হলগৈ৷ একোটা একোটা অঞ্চলক সামৰি মহকুমা গঠন হলে ৰাইজৰ বাবে সুবিধা হয়৷ তেনেদৰে পাহাৰীয়া জিলা ডিমাহাছাওৰ দিয়ুংব্ৰা মহকুমা গঠন কৰা হয়।

মহকুমা ঘোষণা কৰাৰ লগতে এমাহ পাছতেই অৰ্থাৎ ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ডিমাহাছাওৰ দিয়ুংব্ৰাৰ ব্লক বজাৰত স্থাপন কৰিলে দিয়ুংব্ৰা মহকুমাধিপতিৰ কাৰ্যালয়৷ লগে লগে মহকুমাধিপতিৰ দায়িত্ব দিয়ে মেগঞ্জয় থাওচেনক। ইমানলৈকে ঠিকেই আছিল, কিন্তু ইয়াৰ পিছত সকলো যেন শূন্য হৈ পৰিল। পাহাৰীয়া জিলাখনৰ দিয়ুংব্ৰা মহকুমাত এতিয়া সর্বাংগীন উন্নয়ণ আৰু বিকাশৰ কথাটো বাদেই, নতুনকৈ স্থাপন কৰা মহকুমাধিপতিৰ কাৰ্যালয়টোত নাই মহকুমাধিপতি আৰু নাই কোনো বিষয়-ববীয়া।

মহকুমাধিপতি, বিষয়া কৰ্মচাৰীৰ অবিহনে এতিয়া চলিছে মহকুমাধিপতিৰ কাৰ্যালয়৷ ফলস্বৰূপে উন্নয়ণ আৰু বিকাশৰ দিশত তথা প্ৰশাসনীক কাম-কাজৰ বাবে মহকুমাবাসীয়ে গভীৰ সমস্যাত পৰিছে৷ উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা পাহাৰীয়া জিলাখনৰ জনতাক একোৱে নজনা বুলি গণ্য কৰি অজলা হোৱাৰ সুযোগ লৈ বান্দৰক কলৰ বাকলি আৰু বেটেৰীবিহীন মোবাইল দিয়াৰ দৰে চৰকাৰে আমাক তথা দিয়ুংব্ৰাবাসীক মহকুমাধিপতিবিহীন মহকুমা দিছে বুলি কৈ একাংশ ৰাইজে চৰকাৰক বিৰুদ্ধে ক্ষোভ উজাৰে৷ নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে সমগ্ৰ ডিমা হাছাও জিলাত প্ৰতিবাদ সাব্যস্ত কৰে৷  ক্ষোভ আৰু উত্তেজনাৰে গ্রহণ কৰিছিল।

কেইবাটাও সংগঠনে দিয়ুংব্ৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত নগা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব আহি স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত যেতিয়া মহকুমাধিপতিক বিছাৰি নাপালে তেতিয়া হে পোহৰলৈ আহিল কাৰ্যালয়ত হে বিষয়া কৰ্মচাৰী নাই৷ স্মাৰক পত্ৰ দিবলৈ কোনো বিষয়াক নাপায় অৱশেষত আৰক্ষীৰ হাতত স্মাৰক পত্ৰ পত্ৰ দিব লগা হৈছিল ছাত্ৰ সংগঠন সমূহে৷ কাৰ্যসূচীৰ অন্ততঃ প্ৰতিবাদকাৰীয়ে ত্ৰিশ বছৰ ধৰি দাবী আৰু আবেদন জনাই লাভ কৰা দিয়ুংব্ৰা মহকুমা এতিয়া অর্থহীন হৈ পৰা আবেগিক মন্তব্য আগবঢ়ায়। শীঘ্ৰে ডিমাহাছাও দিয়ুংব্ৰা মহকুমা কাৰ্যক্ষম কৰি জনতাৰ অভাৱ-অভিযোগ আৰু সমস্যা দূৰ কৰিবলৈ দিয়ুংব্ৰাবাসীয়ে আহ্বান জনাই ৰাজ্য চৰকাৰক।