
তুলসীবাৰী/ৰঙিয়াঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো বিজেপিৰ উদ্যোগত লাচিত দিবস পালন কৰা হয়৷ ৰঙিয়া বিজেপি কাৰ্যালয়ত ছাত্ৰ-ছাত্ৰীৰৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
পিছতে এখন সভা অনুষ্ঠিত হয়৷ সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, ৰঙিয়া ব্লক মণ্ডল বিজেপিৰ সভাপতি শিশিৰ ভাগৱতী, উত্তৰ কামৰূপ জিলা বিজেপিৰ সম্পাদক সুবল পাল, ৰঙিয়া নগৰ মণ্ডলৰ সম্পাদক উত্তম পালকে ধৰি যথেষ্ট সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে। বিধায়ক কলিতাই লাচিত বৰফুকনৰ ত্যাগ, আদৰ্শক আমি কেতিয়াও পাহৰিব নোৱাৰা বুলি কয়৷