আৰক্ষীৰ জালত পৰিল নাথু

গোৰেশ্বৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীৰ চকুৰ সন্মুখতে যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ জুৱা তীৰৰ অবাধ প্ৰচলন আজিও অব্যাহত আছে৷ তাৰ মাজতে বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত নাওকাটাত শুকুৰবাৰে আৰক্ষীৰ অভিযানত জালত পৰেএজন তীৰৰ এজেণ্ট। জানিব পৰা মতে, আবেলি নাওকাটা চ'কৰ সমীপত এখন দোকানত তীৰৰ টিকট সহ আটক কৰে নাথু বসুমতাৰী (৪৫) নামৰ এজেণ্টজনক।

পশ্চিম নাওকাটাৰ নাথু বসুমতাৰীয়ে তীৰৰ টিকট বিক্ৰী কৰি অহাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় নাথুক৷ গোৰেশ্বৰ নাওকাটা শুৱাগপুৰ অঞ্চলত ইতিমধ্যে তীৰৰ ব্যাপক প্ৰচলন চলি থকাৰ চৰ্চা অব্যাহত থকাৰ সময়তে শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শৰ্মাই তীৰৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় নাথুক। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ যুটীয়া সম্পাদক মদন কুমাৰে প্ৰশাসনক কঠোৰ হাতেৰে তীৰ আৰু জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ দাবী জনায়।