বাইহাটা চাৰিআলিত অধ্যাপক, শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা

বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান পূৱ কামৰূপ মহাবিদ্যালয় আৰু মদনকামদেৱ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অৱসৰ প্ৰাপ্ত অধ্যাপক-শিক্ষক-কৰ্মচাৰীক শুকুৰবাৰে বিদায় সম্বর্ধনা জনাই ৰাইজে৷

পূৱ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত মহাবিদ্যালয়খনৰ সুদীৰ্ঘ কাল ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাৰে নিষ্ঠাৰে শিক্ষাদান কৰি অহা ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰক বিদায় সম্বৰ্থনা জনায়৷

গামোচা, জাপি, শৰাই আদিৰে অধ্যাপকগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে জীৱন দৰ্শন কৰ্ম আদিৰ আধাৰত মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ উলিওৱা অভিনন্দন গ্ৰন্থ "ব্যক্তিত্বৰ সুৱাস" উন্মোচন কৰা হয়। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিবাকৰ চন্দ্ৰ বৰুৱা উপস্থিত থাকে। আনহাতে মদনকামদেৱ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ কলিতা আৰু কৰ্মচাৰী বংকিম চন্দ্ৰ দাসক সম্বর্ধনা যাচে বিদ্যালয় কৰ্তৃপক্ষই৷

প্ৰধান শিক্ষক যতীন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত বিদায় সম্বর্ধনা সভাত গামোচা, জাপি, শৰাই, মানপত্ৰ আদিৰে বিদায় সম্বর্ধনা জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰী, শিক্ষকে৷ সভাত কামৰূপ জিলা সাহিত্য সভাৰ উপ-সভাপতি ভূধৰ ডেকা, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ধৰ্মেশ্বৰ কলিতা শিক্ষক মণিৰাম কাকতি বীৰেন্দ্ৰ কুমাৰ উপস্থিত থাকে৷