
ধিংঃ এক জঘন্য ঘটনাই জোকাৰি গ’ল নগাঁও জিলাৰ ধিং অঞ্চলক৷ এগৰাকী বোৱাৰীক দুৰ্বত্তৰ দলে গণ ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাই জোকাৰি গ’ল ধিঙক৷ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰীগৰাকী৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বোৱাৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে।
নগাঁও জিলাৰ ধিঙৰ ধুপগুৰি পথাৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, ধুপগুৰি পথাৰৰ মহিলাগৰাকীৰ স্বামী বাহিৰত কাম কৰাত তেও ঘৰত অকলে থাকে৷ অইন দিনাৰ দৰে শুকুৰবাৰৰ নিশাও ঘৰত কোনো নথকাত তেও অকলশৰে থাকে৷ শুকুৰবাৰৰ নিশা ঘৰৰ বেৰ কাটি দুৰ্বৃত্ত প্ৰবেশ কৰে মহিলাগৰাকী থকা কোঠাত৷ কোঠাত প্ৰবেশ কৰি গণ ধৰ্ষণ কৰে মহিলাগৰাকীক৷
ইমানে নহয় চোকা অস্ত্ৰৰে শৰীৰৰ কেইবাঠাইত আঘাত কৰে মহিলাগৰাকীক দুৰ্বৃত্তই ঘৰৰ মজিয়াত পেলাই থৈ যায়৷ যাৰ ফলত কেইবাঘন্টা মজিয়াত পৰি থাকে মহিলাগৰাকী৷ তাৰ পিছত পুৱাই হে মহিলাগৰাকীক লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং চিকিৎসালয়ত ভৰ্তি কৰে৷ চিকিৎসকে নগাঁৱলৈ অাৰু নগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটিলৈ প্ৰেৰণ কৰে।
বোৱাৰীগৰাকীৰ স্বামী কৰ্মসুত্ৰে ঘৰৰ বাহিৰত থকাৰ বাবে অকলশৰে বাস কৰিছিল। কোঠাটোৰ তেজ যতে ততে পৰি থকাৰ লগতে পিন্ধি থকা কপোৰ পৰি আছিল৷ ৰাইজে সন্দেহ কৰা মতে ঘটনা সংঘটিত কৰা লোকক মহিলাগৰাকীয়ে চিনি পোৱাৰ ফলতে হত্যাৰ চেষ্টা কৰিছিল।
পূৰ্বেও অঞ্চলটোত এনে জঘন্য ঘটনা সংঘটিত হৈ আহিছে যদিও অপৰাধীক আজিও আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ ইতিমধ্যে ধিং অাৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মফিজ উদ্দিন নামৰ এজনক সোধ-পোছৰ বাবে অাটক কৰে৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দিয়াৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে।