মুক্তিযোদ্ধা প্ৰাণেশ্বৰ তালুকদাৰৰ মৃত্যুত দল-সংগঠনৰ শোক প্ৰকাশ

নলবাৰীঃ প্ৰবীন সমাজসেৱক, মুক্তিযোদ্ধা প্ৰাণেশ্বৰ তালুকদাৰৰ মৃত্যুত নলবাৰী জিলাৰ দল সংগঠনে শোক প্ৰকাশ কৰে৷ শুকুৰবাৰে নলবাৰীৰ নাকেৰবাৰীস্থিত নিজ বাসভৱনত মৃত্যু হয় প্ৰাণেশ্বৰ তালুকদাৰৰ। শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ প্ৰতিষ্ঠাপক, উদ্যোক্তা তালুকদাৰৰ মৃত্যুত সময়ত বয়স হৈছিল ১০০ বছৰ।

স্বাধীনতা সংগ্ৰামী জনৰ মৃত্যুত সমগ্ৰ জিলাখনত শোকৰ ছাঁ পৰে। নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, অসম উন্নতি সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সাহিত্য সভা, নলবাৰী হৰিমন্দিৰ সমিতি আদিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।