টিপং বৰনামঘৰত বিশ্ব শান্তিৰ বাবে ভাগৱত পাঠ

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত টিপং বৰ নামঘৰত বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হ'ব ভাগৱত পাঠ। 

অহা ২ আৰু ৩ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ২৪ ঘন্টীয়া ভাগৱত পাঠ৷ ১৯৮৫ চনতে স্থাপন হোৱা নামঘৰটোৱে ৩২ বছৰ ধৰি বিশ্ব শান্তিৰ বাবে অনুষ্হঠিত কৰি আহিছে অবিৰত ভাগৱত পাঠ৷

প্ৰথম দিনা পুৱাৰ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপন, অক্ষয় বন্তি প্ৰজ্বলন, নাম প্ৰসংগ, অবিৰত ভাগৱত পাঠৰ শুভাৰম্ভ, সন্ধিয়া নামঘৰ সমীপৰ ৰাইজৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন আদি অনুষ্ঠান অনুষ্ঠিত হ'ব৷

দ্বিতীয় দিনা দুপৰীয়া ভাগৱত পাঠৰ সামৰণি, সামূহিক নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, ধৰ্মধ্বজা সম্বৰণ কৰা হ'ব৷ অভ্যৰ্থনা সমিতিৰ সদস্য উমা গগৈ, দীপ গগৈ, সোমেশ্বৰ খনিকৰ, উপেন বৰগোহাঁই, জয়ন্ত লিকচন, মুকুট মেছ, চানিকা ৰয় আৰু ৰজত ভৰালীয়ে সকলো কাৰ্যসূচীত ৰাইৰ উপস্থিতি কামনা কৰে।