
গোৰেশ্বৰঃ ঘোচ দি চাকৰি লোৱা এচিএচ-এপিএছ বিষয়াক যেনেদৰে চৰকাৰে ধৰি জেলত ভৰাই আছে সেয়া ভাল কথা। কিন্তু দিনে ৰাতি নিষ্ঠা সহকাৰে কাম কৰি যোৱা চৰকাৰী কৰ্মচাৰীক পুৰস্কৃত কৰাৰো ব্যৱস্থা কৰিব লাগে। আমাৰ চৰকাৰ খন কেৱল চোৰৰ পিছতহে দৌৰিছে কিন্তু সততাৰে কাম কৰা কৰ্মচাৰীয়ে আজিলৈ উচিত মৰ্যদা লাভ কৰা নাই। তেওঁলোকে বহু তুচ্চ-তাচিল্য হে লাভ কৰে। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ।
শনিবাৰে গোৰেশ্বৰত স্থানীয় কলাগুৰু বিষ্ণু ৰাভা ভৱনত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম বাৰ্ষিক সাধাৰণ সভা তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ আৰু কয় যে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আচঁনি প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে আৰু ইয়াৰ কামো বহুখিনি আগবাঢ়িছে। ইপিনে নিউ পেঞ্চন ৰুলৰ কৰ্মচাৰী পৰিষদে বিৰোধিতা কৰা বুলি কয়। কৰ্মচাৰীসকলে যেনেদৰে একাউণ্ট পে'ৰ সুবিধা লাভ কৰিছে তেনেদৰে অচিৰে অন লাইন পেমেন্টৰ সুবিধাও লাভ কৰিব।
ইয়াৰ ফলত কৰ্মচাৰীয়ে ট্ৰেজাৰীলৈ নযোৱাকৈ মাহৰ বেতন মাহে লাভ কৰিবলৈ সক্ষম হ'ব বুলি কলিতাই গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়াই। সভাপতিগৰাকীয়ে বিটিএডিৰ লগতে অন্যান্য পৰিষদ সমূহতো যাতে চৰকাৰী কৰ্মচাৰী সকলে নাৰ্য প্ৰাপ্তি লাভ কৰে তাৰ বাবেও কৰ্মচাৰী পৰিষদে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। চৰকাৰী যন্ত্ৰত এতিয়াও আসোঁৱাহ থকাৰ কথা কৈ কলিতাই কয় যে সকলো ফাইলৰ কাম হৈ থকাৰ পিছতো কিন্তু বহু সময়ত কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰে। বাৰে বাৰে তেওঁলোকে নিৰ্দেশনা আহি নপোৱাৰ বাবে দিছপুৰত ভিৰ কৰিব লগা হয়।
তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃণাল দাসৰ পৌৰহিত্যত আয়োজিত সভাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত গোৰেশ্বৰৰ সৰুফুলচ'কী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গোলাপলতা গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভা উদ্ধোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। সভাত কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক ফকৰুদ্দিন আলী আহমেদে বিশিষ্ট অতিথিৰ ভাষণত কয় যে যিহেতু চৰকাৰী ব্যৱস্থাটোত এতিয়াও খেলিমেলি আছে সেয়েহে কৰ্মচাৰী সকলে নিজৰ সুৰক্ষাৰ বাবে নিজে সজাগ হৈ থাকিব লাগিব।
সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি কন্দৰ্প ডেকা আৰু বিটিএডিৰ চাৰিও জিলাৰে পৰিষদৰ সভাপতি-সম্পাদকসক উপস্থিত থাকে। আনহাতে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সভাপতি বাসৱ চন্দ্ৰ কলিতাই অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ সমস্যা শীঘ্ৰে দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই। লগতে বিটিএডি, কাৰ্বিআলং আৰু ডিমা হাচাও ত কৰ্মচাৰী সকলক যি বকেয়া ধন আজিলৈ সম্পূৰ্ণভাবে আদায় দিয়া নাই তাৰ সুব্যৱস্থা কৰিবলৈও কলিতাই দাবী উত্থাপন কৰে।