
নলবাৰীঃ এন আৰ চিৰ খচৰা শীঘ্ৰে প্ৰকাশৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূৱ-নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা কালি সন্ধিয়া যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে চাইকেল ৰেলি উলিয়াই ৰাইজক সজাগ কৰাৰ বাবে। নলবাৰীৰ বৰমুৰিকোণাৰ গো-পূজাৰ চকৰ পৰা চাইকেল সমদল উলিয়াই নিখুত এন আৰ চিৰ দাবী তোলে চৰকাৰ ওচৰত ।
সমদলকাৰী সকলে নানা পোষ্টাৰ-বেনাৰ লৈ বাংলাদেশী হুচিয়াৰ, এন আৰ চিৰ কাম শীঘ্ৰে সমাপন কৰক, এন আৰ চিৰ নামত ৰাজনীতি নচলিব, আদি শ্লোগানেৰে অংশটোৰ আকাশ বতাহ মুখৰিত কৰি তোলে। যুৱ ছাত্ৰ পৰিষদৰ জিলা যুটীয়া সম্পাদক পাৰ্থ প্ৰতীম শৰ্মা, পূৱ নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি নয়নমণি কলিতা আৰু সাধাৰণ সম্পাদক নৱজৌতি কলিতাৰ নেতৃত্বত উলিওৱা সমদলটো বৰমুৰিকোণা, বালিকুছি, নামডোঙা, গুৱাকুছি হৈ পাইকাৰকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথত সমাপন কৰে।