
চতিয়াঃ বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষীয়ে ৪ দিন ধৰি নেৰানেপেৰা অভিযান চলাই অৱশেষত দুই ভাতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দুই অভিযুক্তক বিৰেণ ঘাটোৱাল আৰু প্ৰকাশ ভক্তাক দেওবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷
মৰম, ভালপোৱা, মানৱতা, সকলো পাহৰি একাংশ লোক যেন ক্ৰমান্বয়ে হিংস্ৰ হৈ পৰাৰ সময়তে দুই ভাতৃক হত্যা কৰি আসুৰিক তৃপ্তি লৈছিল বিৰেণ ঘাটোৱাল আৰু প্ৰকাশ ভক্তাই৷ দুই ভাতৃক হত্যা কৰি গাতত পুতি থৈছিল৷ বিশ্বনাথ জিলাৰ চতিয়া বিধান সভা সমষ্টি চতিয়াৰ তেজালপট্টি চাহ বাগিচাৰ এটা পৰিয়ালৰ ভায়েক আৰু ককায়েকক হত্যা কৰি গাতত পুটি থৈছিল৷
ৰেণ্টু ভক্ত (৪৫) আৰু গোবিন ভক্ত (৪৮) নামৰ দুয়ো ভাতৃ প্ৰথমে নিৰুদ্দেশ হয়৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল দুয়ো ভাতৃৰ৷ কিন্তু বাগিচাৰ ফেক্টৰীৰ পিছফালে এডোখৰ ঠাইত যোৱা ২২ নৱেম্বৰত তেজৰ দাগ তথা মাটি খন্দা প্ৰত্যক্ষ কৰে একাংশ শ্ৰমিকে৷ শ্ৰমিকসকলে এই কথা ৰেণ্টু ভক্ত আৰু গোবিন ভক্তক পৰিয়ালক খবৰ দিয়ে৷ কেইজনমান শ্ৰমিকে এই কথা পৰিয়ালৰ লোকক অৱগত কৰাৰ লগে লগে পৰিয়ালৰ লোক উক্ত স্থানত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে৷
চতিয়া আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাই দণ্ডাধীশৰ উপস্থিতিত ৰেণ্টু ভক্ত আৰু গোবিন ভক্তৰ মৃতদেহ উদ্ধাৰ কৰিছিল ২২ নৱেম্বৰত৷ বিৰেণ ঘাটোৱাল আৰু প্ৰকাশ ভক্তাই কাজিয়া লাগি আক্ৰোশ পূৰণৰ বাবে ডেগাৰেৰ ডিঙি কাটি হত্যা কৰি পুতি থৈছিল ৰেণ্টু ভক্ত আৰু গোবিন ভক্তক৷ চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাই বিৰেণ ঘাটোৱাল আৰু প্ৰকাশ ভক্তাক গ্ৰেপ্তাৰ কৰি 162.U/S.120(B) 302, 201,34 IPCত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷