যোৰাপুখুৰীত গাভিনী হাতীৰ মৃত্যু, চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ

শুক্লাইঃ এশিঙীয়া গঁড়, হাতী মুঠতে জীৱ-জন্তুক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জাকে জাকে নামি অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলাই আহিছে যদিও ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

ৰাজ্য খনৰ শ-শ পৰিয়ালে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত নিদ্ৰাহৰণ হৈছে যদিও চৰকাৰ কিম্বা বন বিভাগে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিন বিভাগে কোনো দিনে হাতীৰ জাকক খেদিবলৈ চেষ্টা কৰা দেখা নাযায়৷ প্ৰতিদিনে গঁড়, হাতী, বাঘৰ মৃত্যু হৈয়ে আছে৷ তাৰ মাজতে, শনিবাৰে এটি মাইকী গাভিনী হাতীৰ মৃত্যুৰ হয়৷ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এটি বনৰীয়া হাতীৰ মৃত্যু হয় শনিবাৰে নিশা৷

অঞ্চলটোত ধাৰাবাহিক বন্যহস্তীৰ মৃত্যুই প্ৰকৃতি প্ৰেমী সকলক চিন্তিত কৰি তোলাৰ সময়তে বন বিভাগৰ লোকৰ গাফিলতিত এনেদেৰ মৃত্যুবৰণ কৰে বনৰীয়া হাতীটোৱে৷ জাকৰ সৈতে অহা অহা হাতীটোৱে জাকৰ পৰা ফালিৰ কাটি আহি এনেদৰে মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ দেওঁবাৰেও জিলা খনৰ ভূটান সীমান্তৱৰ্তী পূৱ যোৰাপুখুৰীত এটি ১৫ বছৰীয়া গাভিনী বন্যহস্তীৰ কৰুণ মৃত্যু হয়। বনবিভাগে খাদ্যৰ বিষক্ৰিয়া ঘটি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে এই ঘটনাক সহজে লোৱা নাই। চলিত মাহতে একেটা স্থানত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু হয়। যাৰ ফলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত সহৈ পৰিছে ৰাইজ৷