
খেৰণিঃ দৰিদ্ৰ-শ্ৰমিকক একোখনকৈ কম্বল দি মুখত হাঁহি বিৰিঙালে ৰক্ষনাত্মক নুনিয়া সংযুক্ত সংঘ আৰু কাৰ্বি আংলং নুনিয়া সংঘই৷ ই৷ হিন্দী ভাষী সম্প্ৰদায়ৰ অন্যতম সংস্থা দুটাই যুটীয়া ভাবে দেওবাৰে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ নবাইবিল অঞ্চলৰ ১নং নবাইবিল, ২নং নবাইবিল, ৩নং নবাইবিল, ৪নং নবাইবিল,আৰু ৫নং নবাইবিল গাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে।
নবাইবিলস্থিত এ আৰ বি হিন্দী হাইস্কুলৰ প্ৰাংগণত নুনিয়া সংঘৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ধনপাল চৌহানৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰক্ষনাত্মক নুনিয়া সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৰত চৌহান, সাধাৰণ সম্পাদক দীপক চৌহান উপস্থিত থাকি কম্বল সমূহ বিতৰণ কৰে৷
নুনিয়া সংঘৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক চিউজি চৌহানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত কাৰ্বি আংলং হিন্দী ভাষী ছাত্ৰ সংস্থাৰ সভাপতি অশোক চৌহান আৰু স্থানীয় গণ্যমান্য লোকৰ উপস্থিতিত হিন্দী ভাষী নুনিয়া সংঘৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে আলোচনা কৰা হয়।