অংকুশিতাক হাগ্ৰামাৰ ৫ লাখ, প্ৰফুল্ল মহন্তৰ এমাহৰ দৰমহা, আৰপিয়ে কৰিব সহায়

কোকৰাঝাৰ/বঢ়মপুৰ/তেজপুৰঃ দেশ তথা ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই অনা অংকুশিতা বড়োক ৰাজ্য খনৰ কেইবাগৰাকী ৰাজনীতিকে পুৰস্কাৰ ঘোষণা কৰিছে৷ স্বৰ্ণজয়ী অংকুশিতালৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছে বিশেষ পুৰস্কাৰ৷ হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ পৰা পাঁচ লাখ টকা প্ৰদান কৰিব৷

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অংকুশিতাক এই বিজয়ৰ বাবে শুভেচ্ছা যাচে৷ লগতে প্ৰাক্তন প্ৰফুল্ল কুমাৰ মহন্তই এমাহৰ দৰমহা প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ আনহাতে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই অংকুশিতাৰ বিজয়ক লৈ আনন্দিত হৈ পৰা বুলি কয়৷ অংকুশিতাক লৈ আমি বহু আশাবাদী। অংকুশিতাই অলিম্পিক জয় কৰিব পাৰিব।

অংকুশিতাক উন্নত মানৰ প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই আবেদন জনাম বুলি কয় সাংসদ ৰামে৷ সাংসদ ৰামে নিজাববীয়াকৈ সহায় কৰিম বুলিও কয়৷ অসমৰ বক্সিঙৰ ৰাণী অংকুশিতাই স্বৰ্ণ দখল কৰিবলৈ সক্ষম হয় দেওবাৰে৷ বিশ্ব বক্সিঙৰ ফাইনেলত দপদপাই বক্সিঙৰ ৰিঙত অসমৰ অংকুশিতা বড়োই এই সফলতা লাভ কৰে৷

অসমৰ মেৰিকম হিচাপে খ্যাতি লাভ কৰা অংকুশিতাই চেমি ফাইনেলত থাইলেণ্ডৰ বক্সাৰ থানছনাক হৰুৱাই দেওবাৰে ফাইনেলত হৰুৱালে ৰাছিয়াৰ যুৱ মহিলা খেলুৱৈই একটাৰিনাক। শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি জয়ী হ'ল অংকুশিতা৷ ৰাজ্য বাসীৰ মৰম, চেনেহ, আশীৰ্বাদ লৈ ৰিঙত নমা অংকুশিতাই প্ৰতিপক্ষ একটাৰিনাক কৰে ধৰাশয়ী৷ পূৰ্বে অনুমান কৰা অনুযায়ী অংকুশিতাই খিতাপ অৰ্জন কৰ৷

৬৪ কেজি শাখাত ৰূপ দখল কৰি থোৱা অংকুশিতাৰ সপোন আছিল কেৱল স্বৰ্ণ দখল কৰাৰ৷ খেল অনুষ্ঠিত হৈছিল গুৱাহাটী মহানগৰীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত। ষ্টেডিয়ামত অনুষ্ঠিত য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত নিজ সাধনা আৰু একগ্ৰতাৰে ফাইনেলত প্ৰবেশ কৰিছিল৷