চিয়াং নদীত ৰঙা চীনৰ বৃহৎ প্ৰকল্প, চিমেন্ট মিহলি ঘোলা পানীৰ সোঁত

জোনাইঃ ৰঙা চীনে ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীক ভেটা দিবলৈ চেষ্টা অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা অব্যাহত আছে৷ বৃহৎ সুৰংগ নিৰ্মাণ কৰি চিয়াং নদীৰ পানী সংৰক্ষণেৰে চীনে মৰুভূমি জীপাল কৰাৰ আঁচনি লোৱাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ সময়তে চিয়াং নৈচ চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্চিত হৈ পৰিছে অৰুণাচল প্ৰদেশ আৰু অসমৰ দল-সংগঠন৷

চিয়াং তথা ব্ৰহ্মপুত্ৰত চিমেন্ট মিহলি পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন৷ চুবুৰীয়া দেশ চীনে বহ্মপুত্ৰ নদীৰ পানীক প্ৰায় ১০০০ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগৰ জড়িয়তে জিংজিয়াল প্ৰান্তলৈ নিয়াৰ অভিযোগ উত্থাপন কৰে পূৱ অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে। অৰুণাচলৰ সাংসদ নিনং ইৰিংঙে যোৱা কেইবাটাও মাহৰ পৰা অৰুণাচলৰ চিয়াং নদীৰ পানীত চিমেন্ট মিশ্ৰিত, ব্ৰহ্মপুত্ৰ নৈৰ পানী প্ৰদূষিত হৈ থকা দেখা পোৱা গৈছে বুলি কয়।

অধিক হাৰত পানী শুকাই যোৱাৰ লগতে পানী অধিক মাত্ৰাত ঘোলা হোৱা পৰিলক্ষিত হৈছে বুলিও কয়। অৰুণাচল প্ৰদেশৰ সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তদন্ত দাবী কৰি পত্ৰ প্ৰেৰণ কৰে৷ সাংসদগৰাকীয়ে চিয়াং নদীত চিমেন্ট মিশ্ৰিত পানীৰ প্ৰভাৱত ইয়াৰ মাছৰ লগতে শিহু অন্য জীৱ জন্তু নাইকীয়া হ’ব। চিয়াং নদীৰ পাৰত মাছমৰীয়া ভিৰ লাগিছিল কিন্তুু এতিয়া এই পৰিবেশ একেবাৰে নাইকিয়া হৈছে। সংসদত প্ৰশ্ন উত্থাপন কৰিবৰ বাবে সাজু হোৱা বুলিও কয় সাংসদগৰাকীয়ে। যদি চুবুৰীয়া দেশ চীনে নদীৰ পানীৰ সুৰংগৰ জৰিয়তে জিনজিয়াল প্ৰান্তলৈ নিয়ে তেন্তে আগন্তুক দিনত ভাৰতৰ লগতে অসমৰ, বাংলাদেশ ব্যাপক প্ৰভাৱ পৰিব। বাংলাদেশৰ বহু হাজাৰ মানুহে চিয়াং নদীৰ ওপৰত নিৰ্ভৰশীল৷