
বিহগুৰিঃ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ লগতে অসম বুৰঞ্জী সন্দৰ্ভত ভুল ব্যাখ্যা আগবঢ়ায় বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ এগৰাকী ছাত্ৰই ভয়াবৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হাহাকাৰ কৰিব লগৈ হৈছে৷ ১৩ বছৰীয়া মেধাৱী ছাত্ৰজনৰ দৰিদ্ৰ পৰিয়ালটোৱে অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰী ককবকাব লগা হৈছে৷
কলিয়াবৰৰ হাতীবন্ধা গাঁৱৰ সোমনাথ অধিকাৰী আৰু হেমলতা দেৱীৰ ১৩ বছৰীয়া পুত্ৰ দ্বীপেন অধিকাৰী কৰ্কট ৰোগত আক্ৰান্ত যদিও উপয়ুক্ত চিকিৎসা কৰিবলৈ অৰ্থৰ অভাৱত পৰি হাহাকাৰ কৰিব লগা হৈছে৷ পঢ়া-শুনা এৰি দুদিন আগলৈ সমনীয়াৰ সৈতে ঘুৰি-ফুৰা দ্বীপেনে এতিয়া ঘৰ খনতে থাকিব লগা হৈছে৷ যাৰ বাবে দ্বীপেন অধিকাৰীয়ে চিন্তাত দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে৷ দ্বীপেনৰ পিতৃ সোমনাথ অধিকাৰীয়ে তিনিচুকীয়াৰ হোটেল এখনৰ কৰ্মচাৰী হিচাপে কাম কৰে।
তেওঁলোকৰ দুগৰাকী পুত্ৰ। দ্বীপনে চুলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ। মেধাৱী এই ছাত্ৰজন বিদ্যালয়ৰ শিক্ষক-শিক্ষিত্ৰী আৰু সহপাঠীৰ আদৰৰ। কিয়নো পঢ়া শুনাত যথেষ্ট আগবঢ়া। আনহাতে কুইজ, সাহিত্য আৰু গানৰ প্ৰতিযোগিতাত ভাগ লৈ ভালপোৱা দীপনৰ দেহত কেতিয়া কৰ্কট ৰোগে থিতাপি ল'লে সেয়া তলকিব নোৱাৰিলে দীপনে৷ কেন্সাৰ ৰোগ পোহৰলৈ অহাৰ পিছত পৰিয়ালৰ লোক চিন্তিত হৈ পৰি৷ মৰমৰ সন্তানটোৰ ৰোগৰ কথা অৱগত হৈ পিতৃ সোমনাথে হোটেলৰ কাম এৰি ঘৰলৈ গুচি আহে।
পুত্ৰৰ শুশ্ৰূষাৰ স্বাৰ্থত বহু কষ্টৰে অৰ্থ যোগাৰ কৰিছে চেন্নাইত নিয়ে। সাঁচতীয় ধন, মাটি-ভেটি, গহনা সকলো বিক্ৰী কৰে পুত্ৰৰ চিকিৎসাৰ বাবে। চেন্নাইত চিকিৎকে পৰীক্ষা-নিৰীক্ষা কৰি তিনিবছৰ চেন্নাইত চিকিৎসা কৰিব লাগিব বুলি পিতৃক অৱগত কৰে। আনহাতে দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃ উপায়ন্তৰ হৈ পুত্ৰক লৈ ঘৰলৈ উভতি আহি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হস্পিতালত চিকিৎসা কৰে পুত্ৰক।
চৰকাৰী কাম-কাজৰ তথাকথিত নিয়ম, নিৰ্দিষ্ট আঁচনিৰ ম্যাদ অথবা কাৰ্যকৰীকৰণ ফলত একপ্ৰকাৰ হতাশ হৈ পৰিছে পৰিয়ালটোৱে৷ আনহাতে চৰকাৰৰ পাবলগীয়া টকাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ এতিয়া দীপেনে সপ্তাহত চাৰিটাকৈ কেম’ ল’ব লাগে। প্ৰতিটো কেম’ ১৬০০ ৰ পৰা ৪ হাজাৰ টকা। দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ বাট-শূন্য।
কিয়নো পুত্ৰৰ শুশ্ৰূষাৰ বাবে পিতৃ বৰ্তমান কৰ্মহীন। দ্বীপেনৰ কৰুণ জীৱনৰ বাস্তৱিক ছবিখন দেখি তেজপুৰৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায়ৰ হাতে’ অৱশেষত ওলাই আহিল কিশোৰজনৰ চিকিৎসা সাহায্যৰ বাবে। সহায়ৰ হাতে ইতিমধ্যে কেইবাটাও জনকল্যাণমূলক কাম কৰি আহিছে। দেওবাৰে বিয়লি ২ বজাত সহায়ৰ হাতৰ সদস্যই দ্বীপনৰ ঘৰত উপস্থিত হৈ দ্বীপনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফল-মূলৰ লগতে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।
সহায়ৰ হাতৰ হোতা যুৱ সাংবাদিক, ফাৰহান জাৱেদ, অৰূপজ্যোতি নাথ, অমল নাথ, হিমনিশা নাথ, চন্দন তিমচিনা, সমীৰজ্যোতি বৰা আৰু গীতিকা বৰ্মনে মেধাৱী কিশোৰজনৰ অশু আৰোগ্য কামনা কৰি অসমৰ ৰাইজক কিশোৰাজনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ অসমৰ ৰাইজৰ লগতে স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰীক সহায় কৰাৰ আহ্বান জনায়৷