কনিষ্ঠক ৰেগিং, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিস্কাৰ

গুৱাহাটীঃ মেধা মানুহ গঢ়াৰ বহু শিক্ষানুষ্ঠানত আজিও মহাব্যাধি ৰেগিং কাণ্ড অব্যাহত আছে৷ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে মানৱীয় গুণ, সংস্কাৰ, শালীনতাবোধৰ পাঠ গ্ৰহণ কৰিবলৈ আহে৷ কিন্তু তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে শালীনতা পাহৰি যায়৷ জ্যেষ্ঠসকলে কনিষ্ঠ সকলক মৰম, আদৰ কৰাৰ পাঠ গ্ৰহণ কৰি তাৰ ওলোটা হে কৰা দেখা যায়৷ কেৱল মেধাই যে সকলো নহয় একো একোগৰাকী ছাত্ৰৰ ব্যৱহাৰে পৰিচয় দিয়ে৷

মেধা সকলক সম্পদ কৰিবলৈ পিতৃ-মাতৃয়ে অলেখ সপোন লৈ একো একোখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰে৷ কিন্তু এই সপোন আধাতে সামৰি বহু ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিব লগা হয়, আত্মহত্যা কৰিব লগা হয়৷ তাৰ কাৰণ হল ৰেগিং৷ তাৰ মাজতে উজনি অসমৰ এখন আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাহৰ পিছত মাহ ধৰি ৰেগিং কাণ্ড সংঘটিত হৈ অহাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷

সজগুণ, মাৰ্জিত ব্যৱহাৰেৰে ছাত্ৰ জীৱনৰ বাট বুলিবলৈ অহা ডিব্ৰুগড় জিলাৰ এগৰাকী কনিষ্ঠ তথা প্ৰথ প্ৰথম বৰ্ষৰ ছাত্ৰক যোৱা ৬ মাহে জ্যেষ্ঠ ছাত্ৰই ৰেগিং কৰি অহাৰ অভিযোগ উত্থাপন হয় দুদিন পূৰ্বে৷ ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু স্থানীয় থানাত অভিযোগ দাখিল কৰে৷ তাৰ পিছতে এই খবৰ ৰাষ্ট্ৰ হয়৷ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে হৈ চৈ লাগে৷ মহাবিদ্যালয় কৰ্তৃপক্ষ সস্তম হবলৈ বাধ্য হয়৷ লগে লগে মহাবিদ্যালয়ৰ এন্টি ৰেগিং সমিতিয়ে তদন্ত আৰম্ভ কৰে৷

২৬ নৱেম্বৰত সংঘটিত এই ঘটনাক গুৰুত্ব সহকাৰে লৈ তদন্ত কৰাৰ পিছতে সোমবাৰে মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিস্কাৰ কৰে৷ তদন্ত পক্ৰিয়া সমাপ্ত নোহোৱালৈকৈ ৬ নং হোষ্টেলৰ পঞ্চম ষান্মাসিকৰ মেকানিকেলৰ ছাত্ৰ কৌশিক কলিতা, দৃষ্টান্ত ডেকা, আমিৰুল হকক হোষ্টেল আৰু মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ কৰে৷ জানিব পৰা মতে জ্যেষ্ঠ ছাত্ৰৰ এটি চক্ৰই প্ৰায় ৬ মাহ ধৰি নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলক ৰেগিং কৰি আহিছে৷ এি কথাৰ তদন্তত প্ৰমাণ পোৱা গৈছে বুলি জানিব পৰা গৈছে৷

ৰেগিঙক কেন্দ্ৰ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত উত্তেজনা অব্যাহত থকাৰ মাজতে তিনি ছাত্ৰ বহিস্কাৰ কৰে৷ বিগত বহু দিন ধৰি বহু সংখ্যাক ছাত্ৰ-ছাত্ৰীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ বলি হৈ আহিছে৷ বহু ছাত্ৰক চৰ মৰাৰ লগতে আঠুকাঢ়িব দিয়া আদি কাৰ্য সংঘটিত হৈ আহিছে৷