নিশা কাৰ্বি পাহাৰত ইনাই-বিনাই কান্দিছে খিলঞ্জীয়া কাৰ্বিয়ে

খেৰণিঃ  ‘বনৰীয়া হাতীয়ে আমাৰ শেষ কৰি পেলালে৷ আমাক শান্তিত থাকিব নিদিয়ে হাতীৰ জাকে৷ ৰাতি হলে আমাৰ লৰা ছোৱালীক লৈ কান থিয় কৰি থাকো কৰবাত চিঞৰ-বাখৰ লাগিল নেকি, হাতীয়ে শব্দ কৰিছে নেকি৷ ভয় লাগে আমাক মাৰি থৈ যাব বুলি৷’ এই মন্তব্য কাৰ্বি আংলং জিলাৰ একাংশ লোকৰ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলৰ একাংশ লোকে এতিয়া চকুলো টুকি দিন পাৰ কৰিছে৷ তেওঁলোকক সুৰক্ষা দিবলৈ কোনো নাই৷ 

জীৱন আৰু সম্পত্তিৰ ৰক্ষা নোহোৱাকৈ তেওঁলোকে জীয়াই আছে৷ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বৰ বৰ কথা কোৱা এই খন চৰকাৰৰ দিনতে এতিয়া খিলঞ্জীয়াই চকুলো টুকিব লগা হৈছে৷ সেয়া লাইকা দধিয়াতে হওঁক নতুবা গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যত বসবাস কৰা মিচিং সকলেই হওক৷ কাৰ্বি আংলঙত কাৰ্বি সকলে হাতীৰ তাণ্ডৱত কান্দিব লগা হৈছে৷ কাৰ্বি আংলঙৰ বহু লোকে এতিয়া জীৱনটো ৰক্ষাৰ কৰাৰ বাবে কয় "হাতীয়ে আমাক শুব নিদিয়ে। প্ৰতিদিনে হাতী আহি আমাক উৎপাত কৰে। আমাৰ ধান খাই, ঘৰ ভাঙে"।

ৰাজ্যত হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আবেগিক হৈ এই মন্তব্য প্ৰকাশ কৰে কাৰ্বি লোকে। ইমানে নহয় যিসকলে আমাক পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদী দখল কৰিলে তেওঁলোক এতিয়া ভিআইপি হ'ল বুলি ক্ষোভ উজাৰে ৰাইজে। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ৪০/৫০ টা হাতীৰ জাকে নিশা তাণ্ডৱ চলাই আহিছে৷

নিশা মানেই কাৰ্বি আংলং জিলাত বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰাহৰণ কৃষকৰ। নিশা মানেই বা নিশা হলেই তাণ্ডৱ চলে জিলা দুখনত। কিন্তু এই তাণ্ডৱ জীৱশ্ৰেষ্ঠৰ নহয়, বন্যহস্তীৰহে। নিশা হলে বন্যহস্তীৰ ভয়লগা এই তাণ্ডৱ চলে বাসগৃহ, ধাননি পথাৰৰ, ভঁৰাল, কল-তামোলৰ লগতে কেতিয়াবা মানুহৰ ওপৰতো। মুঠতে ৰাজ্যৰ লগতে হোজাই আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙতো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ তাণ্ডৱৰ বিপৰীতে হাতী-মানুহৰ সংঘাতৰ ঘটনা৷

উল্লেখ্য যে বিগত কিছুদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হাৱাইপুৰ, জিৰিবাছা, মাইলু, লামছাখাং, খেৰণি কছাৰীবস্তী আদি বৃহত্তৰ অঞ্চলত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই সৰ্বসাধাৰণৰ লগতে কৃষকৰ নিদ্ৰাহৰণ কৰিছে।

সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং-হোজাই জিলাৰ সীমান্তৰ ফৰেষ্ট বজাৰৰ কৃষ্ণনগৰতো আদিতো নিশা প্রায় ৮০-৯০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে গাওঁখনত থকা পাথৰসমুহৰ ধান গচকি বিনষ্ট কৰাৰ বিপৰীতে ধাৰাবাহিকভাৱে মুকুল মালাকাৰ, সুদন্য মালাকাৰ, ৰূপক মালাকাৰ, চৈতেণ্ড্ৰ বৈৰাগী, ৰেখা মালাকাৰ, নিৰু মালাকাৰ, চোনৰ্ত্তন মালাকাৰ, সপন মালাকাৰকে আদি কৰি প্রায় দহোধিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ঘৰৰ চোতালত থকা কল-তামোল ভাঙি তহিলং কৰে হাতীৰ জাকটোয়ে। আনকি কেইবাটাওকৈ বাসগৃহৰ শুৱনি কোঠাত মানুহ শুই থকা অৱস্থাত বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰে যদিও কথমপি প্রাণ ৰক্ষা কৰে হাতী আক্ৰমণৰ সময়ত গৃহবন্দী হৈ ৰোৱা পৰিয়ালৰ সদস্যসকলে।

গুৰুত্বপূৰ্ণ কথা যে ফৰেষ্ট বজাৰৰ কৃষ্ণনগৰবাসীয়ে কিন্তু কেইবাৰকৈয়ো ঘটনা সন্দৰ্ভত লংকা বন বিভাগক অৱগত কৰে যদিও ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত নহল বুলি বিভাগটোৰ বিৰুদ্ধে অভিযোগ তোলে স্থানীয় ৰাইজে। লগতে বন বিভাগৰ কর্ম গাফিলতিৰ বাবেই প্রতি বছৰে এইদৰে বৃহত্তৰ অঞ্চলৰ ৰাইজে বনৰীয়া হাতী আক্ৰমণৰ বলি আৰু হাতী তাণ্ডৱত অপুৰণীয় ক্ষয়-ক্ষতিৰ সন্মুখীন হবলগীয়া হয় বুলিও মন্তব্য কৰে ভুক্তভোগী পৰিয়ালে। আনহাতে অতি শীঘ্ৰে বৃহৎ ক্ষতিৰ সন্মূখীন হোৱা ভুক্তভোগীয়ে ক্ষতিপূৰণ দাবী জনোৱাৰ লগতে বন্যহস্তীৰ তাণ্ডৱ আৰু সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বন বিভাগ আৰু চৰকাৰক যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে স্থানীয় ৰাইজে।