নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু

নলবাৰীঃ  নলবাৰীৰ পূৱ প্ৰান্তৰ কেন্দুকুছি গাওঁ নিবাসী শিক্ষাবিদ, বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যসেৱী অবিন চন্দ্ৰ নাথৰ সোমবাৰে পৰলোকগমন হয়৷ ১৯৩৯ চনৰ ২৫  ডিচেম্বৰত কেন্দুকুছিত  জন্ম গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ পূৱ নলবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে৷

বিভিন্ন সামাজিক  অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত প্ৰয়াত নাথে সাহিত্যৰ জগতখনটো যথেষ্ট অৱদান আছে। যাৰ বাবে তেওঁক অসম সাহিত্য সভাৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশীয়ে তেওঁৰ গৃহত আহি ওলগনি জনাইছিল৷ মৃত্যুৰ সময়ত শিক্ষাবিদ নাথে পত্নী গিৰিবালা নাথ, দুই পুত্ৰ আৰু তিনি জীয়ৰিক ইহ সংসাৰত এৰি থৈ যায়।

বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ সভাপতি বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, নলবাৰী জিলা সাহিত্য সমাজৰ সম্পাদক বিনয় মজুমদাৰ, জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক বিজয় বৰুৱা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পূৱ শাখা ছাত্ৰ সন্থা, কেন্দুকুছি গাওঁ উন্নয়ন সমিতি, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক নিতুল ডেকা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান তথা দল -সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷