উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত মাষ্টাৰোল শ্ৰমিকক নিযুক্তি দিয়াৰ দাবী

তুলসীবাৰীঃ বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত মাষ্টাৰোল, ফিক্স-পে, কেজুৱেল আৰু ৱাৰ্ক-চাৰ্জ কৰ্মচাৰীৰ চাকৰি অদ্যপিও নিয়মীয়াকৰণ নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম যৌথ মাষ্টাৰোল শ্ৰমিক সন্থাই। সন্থাৰ সভাপতি আজিৰ আলি আৰু সম্পাদক কমলক্ষ্য দাসে এক বিবৃতি যোগে চৰকাৰৰ উদাসীনতাৰ ফলতে কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোকসকলj সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি কয়। একাংশ কৰ্মচাৰীৰ সন্তান অত্যন্ত মেধাৱী হোৱাৰ পাছতো প্ৰয়োজনীয় অৰ্থৰ অভাৱৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰাত বাধাগ্ৰস্ত হৈছে বুলি অভযোগ উত্থাপন কৰে।

ইতিমধ্যে সংগঠনৰ নেতৃত্বত দিছপুৰ লাষ্টগেটত কেইবাবাৰো অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াবক স্মাৰক পত্ৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ সমস্যাৰাজি সন্দৰ্ভত অৱগত কৰি আহিছে। আনকি দাবী সমূহ মুখ্যমন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়া বৰ্গৰ লগত কৰ্মচাৰী পৰিষদৰ নেতৃত্বত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছিল যদিও আইনী মেৰ-পেচৰ দোহাই দি নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে৷

উক্ত দাবীৰ প্ৰতি সঁহাৰি জনাই  বিগত বৰ্ষৰ ৮ আগষ্টত অসম চৰকাৰৰ বিত্ত বিভাগে এক বিবৃতি যোগে মাষ্টৰৰোল, কেজুৱেল, ফিক্সডপে', ৱাৰ্ক-চাৰ্জ কৰ্মচাৰীৰ দৰমহা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সমহাৰত দিয়াৰ উপৰিও চৰকাৰী  সা-সুবিধা প্ৰদান কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল। এনে সময়তে চলিত বৰ্ষৰ ছয় জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই  সকল কৰ্মচাৰীক নুন্যতম পে স্কেলৰ লগতে সা-সুবিধা সমূহ চলিত বৰ্ষৰ পহিলা আগষ্টৰ পৰা কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

কিন্তু এই নিৰ্দেশৰ ছমাহ সময় উকলি যোৱাৰ পিছতো এতিয়ালৈকে কাৰ্যকৰী কৰা পৰিলক্ষিত হোৱা নাই বুলি আক্ষেপৰে উল্লেখ কৰে নেতৃবৃন্দই। এনে এক প্ৰেক্ষাপটত সদৌ অসম যৌথ মাষ্টাৰোল শ্ৰমিক সন্থাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰে ঘোষণা কৰা  মাষ্টাৰোল, কেজুৱেল, ফিক্সডপে' আৰু ৱাৰ্ক-চাৰ্জ কৰ্মচাৰী সকলৰ নতুন নিৰিখত দৰমহা প্ৰদানৰ ব্যৱস্থা চলিত বছৰতে কাৰ্যকৰী কৰাৰ লগতে উপযুক্ত চৰকাৰী সা-সুবিধা আদিও প্ৰদানৰ বাবে সজোৰে দাবী জনায়।