স্বামী-স্ত্ৰীক ইউ ডি এফ দলৰ পৰা বহিস্কাৰ

লংকাঃ ইউ ডি এফৰ হোজাই জিলাৰ লামডিং সমষ্টিৰ নেতা-নেত্ৰী তথা স্বামী-স্ত্ৰীক দলৰ পৰা বহিস্কাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যোৱা পঞ্চায়ত নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ উদালী গাঁও পঞ্চায়তৰ সভানেত্ৰী হোৱা আবিদা বেগম আৰু স্বামী তথা পশ্চিম উদালী গাঁও পঞ্চায়তৰ সদস্য আনোৱাৰ হুছেইনক  দৰল পৰা বহিস্কাৰ কৰে৷

ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগত বহিস্কাৰ কৰে বুলি দলে জানিবলৈ দিয়ে৷ আঁচনিৰ ধন আত্মসাত, PMY-G আঁচনিৰ হিতাধিকাৰীৰ পৰা টকা লোৱা, দলৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰা আদি দল বিৰোধী কাৰ্যত লিপ্ত থকাত স্বামী-স্ত্ৰীক দলৰ পৰা বহিস্কাৰ কৰে৷ দুৰ্নীতিৰ সন্দৰ্ভত ইতিমধ্যে পঞ্চায়তৰ প্ৰতিনিধি এগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছিল৷

দল বিৰোধী কাৰ্যকলাপত অতিষ্ঠ হৈ লামডিং সমষ্টিৰ কাৰ্যকৰী সভাৰৰ প্ৰস্তাৱ মৰ্মে জিলা সমিতিয়ে উদালী গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগম তথা পশ্চিম উদালী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আনোৱাৰ হুচেইনক দলৰ পৰা বহিস্কাৰ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে হোজাই জিলাৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক কমৰুল ইছলাম বৰভূঞাই৷