অভয়াপুৰীৰ ৰাজ পথত আফপিয়াৰা

অভয়াপুৰীঃ এগৰাকী কিশোৰীক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত৷ উত্তৰ শালমাৰাৰ আৰক্ষী চকীৰ অন্তৰ্গত উজান পাৰাত ভাল দৰে কথা কব নোৱাৰা কিশোৰীগৰাকীক একাংশ লোকে ঘুৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে৷

কিশোৰীগৰাকীয়ে নিজকে আফপিয়াৰা বুলি চিনাকি দিয়ে আৰক্ষীক। পুৱাৰ ভাগত কিশোৰীগৰাকীক উদ্ধাৰ কৰি উত্তৰ শালমাৰা আৰক্ষীক গতাই দিয়ে ৰাইজে। আৰক্ষীয়ে কিশোৰী গৰাকীৰ সম্পূৰ্ণ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিশোৰীগৰাকী উত্তৰ শালমাৰা আৰক্ষীৰ জিম্মাত আছে। কোনো লোকে কিশোৰীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পাৰিলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষীয়ে৷