
আমগুৰিঃ মানুহ বোৰ যেন ক্ৰমান্বয়ে হিংস্ত্ৰ হৈ পৰিছে৷ মৰম, ভালপোৱা, ধৈৰ্য, ত্যাগ, মানৱতা, সকলোবোৰ পাহৰি গ’ল৷ একাংশ লোক যেন ক্ৰমান্বয়ে দনৱৰ দিশে ধাৱমান হৈছে৷ মৰম, ভালপোৱা, মানৱতা, সকলো যেন লাহে লাহে পাহৰিব ধৰিছে৷ মানুহে মানুহক আক্ৰমণ কৰিব হৈছে৷
সাধাৰণ কথাৰ গইনা লৈ তথা আক্ৰোশ পূৰণৰ বাবে নিশাৰ আন্ধাৰত হত্যা কৰিব পৰা হৈছে মানুহে মানুহক৷ একাংশ মানুহে যেন এতিয়া মানুহক হত্যা কৰি আসুৰিক তৃপ্তি লাভ কৰে৷ তাৰ মাজতে এই খন অসমতে কেইবাগৰাকী লোকে লগ লাগি এগৰাকী অসহায় লোকক পৰিয়ালৰ সন্মুখতে হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷
বাৰীৰ এখন জেওৰা ভঙাক কেন্দ্ৰ কৰি দেওবাৰে নিশা সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড৷ আমগুৰিৰ অসম-নাগালেণ্ড সীমান্তৱত্তী হালোৱাটিং চাহ বাগিচাৰ ৬নং লাইনত সংঘটিত হয় এই হত্যা কাণ্ড। বাগিচাৰ ৬নং লাইনৰ বাসিন্দা কৰ্মা মিৰ্দ্ধাৰ বাৰীৰ এখন জেওৰা বাগিচাখনৰে ৰঞ্জন ওৰাং আৰু ৰাজেশ কুদাল দাস নামৰ দুজন লোকে মটৰ চাইকেলেৰে খুন্দিয়াই ভাঙে।
এই জেওৰা ভঙা ঘটনাকে কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। ঘটনাস্থলীত একাংশ লোক উপস্থিত হৈ হস্তক্ষেপ কৰাত কাজিয়াখন শাম কাটে৷ যদিও পৰৱৰ্তী সময়ত ৰঞ্জন আৰু ৰাজেশে পৰিয়ালৰ লোক সহ কৰ্মা মিৰ্ধাৰ ঘৰত আক্ৰমণ কৰি এজনক আহত কৰাৰ লগতে কৰ্মা মিদ্ধাৰ বুকুত কুকুৰা যুজত ব্যৱহাৰ 'কাচ'' নামৰ লোৰ চোকা সামগ্ৰীৰে আঘাত কৰে।
এই আঘাততে কৰ্মা মিৰ্ধা থিতাতে নিহত হয়। আনহাতে হত্যা কৰি ৰঞ্জন আৰু ৰাজেশে ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে দুয়োকে আটক কৰি হালোৱাটিং আৰক্ষীক চমজাই দিয়ে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুয়োটা অভিযুক্তকে আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে।