
নগাঁওঃ সততে চৰ অঞ্চলক বিভিন্ন বদনাম দিয়া হয় যদিও সেই বদনামক একপ্ৰকাৰ ভেঙুচালি কৰি চৰৰ এগৰাকী ছাত্ৰই ইন্ধন অবিহনে যন্ত্ৰচালিত নাৱৰ আৰ্হি প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইন্ধন অবিহনে সৌৰ শক্তি অথবা বেটেৰীৰ জৰিয়তে এক যন্ত্ৰচালিত নাৱৰ আৰ্হি উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে চৰাঞ্চলৰ দুই ছাত্রই।
সোমবাৰে নগাঁও জিলাৰ জাৰামাৰী চৰ দেৱকান্ত বৰুৱা হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ বঁটাপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ চ'ছাইটীৰ সহযোগত অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগীতাত অংশ লৈ এক আৰ্হি উপস্থাপন কৰি স্থানীয় কান্দূলিমাৰী উচ্চ মাধ্যমিকৰ দুই ছাত্ৰ আদিলুৰ ৰহমান আৰু মুচানুৰ আহমেদে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।
প্ৰতি বছৰে বানপানীয়ে সমগ্ৰ চৰাঞ্চল বুৰাই পেলোৱাৰ সময়ত এইদৰে ইন্ধন অবিহনে কেনেকৈ যন্ত্ৰচালি নাও ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলাব পাৰি তাৰে চানেকি দাঙি ধৰিলে চৰাঞ্চলৰ এই দুই ছাত্ৰই। এই প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্র ছাহানুৰ আহমেদ আৰু নাছিম আহমেদে আৰু তৃতীয় স্থান লাভ কৰে জাৰামাৰী চৰ ডি কে বি হাইস্কুলৰ ছাত্র আজাহাৰুল ইছলাম, মেহদী আলমৰ দলে।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিজ্ঞান সমাৰোহখনি পুৱা পতাকা উত্তোলন আৰু বৃক্ষ ৰোপনেৰে শুভাৰম্ভ কৰা হয়। পিছত দিব্যজ্যোতি বৰুৱা আৰু মেহদী ইকবাল খানৰ পৰিচালনাত অনুষ্ঠিত বিজ্ঞান ভিত্তিক ছবি অঁকা প্ৰতিযোগিতাত জেৰিফা ভূঞাই প্ৰথম, নাছিম আহমেদ দ্বিতীয় আৰু হাচনাৰা খাতুনে তৃতীয় স্থান দখল কৰে। আনহাতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মাহমুদা বেগমে প্ৰথম, মোচফিয়া খাতুন দ্বিতীয় আৰু চুৰাইজ আহমেদে তৃতীয় স্থান লাভ কৰে।
জুৰীয়া খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিজয়ী মুঠ ১২ গৰাকী এই প্ৰতিযোগীয়ে জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত অংশ লোৱাৰ যোগ্যতা লাভ কৰে। বিয়লি বিদ্যালয় খনৰ প্ৰধান শিক্ষক চমিৰ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ওপৰত বক্তব্য দাঙি দৰে বিশিষ্ট অতিথি ক্ৰমে নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান অধ্যাপক ডঃ ভূৱন চুতীয়া, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নগাঁও জিলা সমন্বয়ক খাইৰুল ইছলাম, নগাঁও জিলা অধিবিদ্যা পৰিষদৰ সভাপতি ফজলুল হক মৰল, নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ধনঞ্জয় তালুকদাৰ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উপদেষ্টা আব্দুল আলীয়ে।
বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক নাজিম আহমেদে আঁত ধৰা অনুষ্ঠানটোত স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি অধিবক্তা গুলজাৰ হুছেইন, বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক মাজিদুল ইছলাম প্ৰমূখ্যে বহু কেই গৰাকী ব্যক্তি উপস্থিত থাকে।