জামুগুৰিৰ ঐতিহ্যমণ্ডিত গৰখীয়া থানত দৌল মহোৎসৱ উদযাপনৰ প্ৰস্তুতি

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থান৷ নানা জনশ্ৰুতি আৰু বিশ্বাসৰ থলি এই থানত ভক্তই পৰম ভক্তি ভাবেৰে এভাগ নৈবদ্য আগবঢ়ালে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ হয় বুলি প্ৰবাদ আছে৷ যুগ যুগ ধৰি চলি অহা বিশ্বাসৰ আধাৰতে বিখ্যাত হৈ পৰা এই থানলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে ভক্তৰ সমাগম ঘটে৷

প্ৰায় তিনিশ বছৰ পুৰণি এই থানখনত প্ৰতিবছৰে ৰাইজে অতি উলহ-মালহেৰে উদযাপন কৰি অহা কেইবাটাও উৎসৱৰ ভিতৰত অন্যতম হৈছে দৌল মহোৎসৱ ৷বিগত ১৯৯৩ চনৰ পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰি অহা এই দৌল মহোৎসৱে এইবাৰ সগৌৰৱে ২৫ বছৰত পদাৰ্পণ কৰিছে ৷সেয়ে থানখন আৰু উৎসৱটিৰ প্ৰতি ভকতিত আপ্লুত ৰাইজে আগন্তুক দৌল মহোৎসৱটি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে বৰ্ণাঢ্য ৰূপত আয়োজনৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷

ইয়াৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা এখন বিশাল ৰাজহুৱা সভাত এই উৎসৱটি সুচাৰুৰূপে উদযাপন কৰাৰ অৰ্থে বিষ্ণুৰাম বৰাক সভাপতি আৰু খগেন চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ সৰ্বসন্মতিক্ৰমে এখন ১০১ জনীয়া শক্তিশালী উদযাপন সমিতিৰ লগতে ইয়াৰ অধীনত বিত্ত, অভ্যৰ্থনা,সাংস্কৃতিক, স্মৃতিগ্ৰন্থ, প্ৰচাৰ, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীকে প্ৰমুখ্য কৰি মুঠ ১১ খনকৈ উপ-সমিতি গঠন কৰা হৈছে ৷অহা বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজনৰ দিহা কৰা এই দৌল মহোৎসৱটি সফলতাৰে উদযাপনৰ ক্ষেত্ৰত সকলো লোকৰে সহায়-সহযোগ উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে৷