
যোৰহাটঃ ৰাজ্য খনৰ বিভিন্ন সন্দৰ্ভত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা সংগঠন অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, অসম। ভূমিষ্ঠ হোৱাৰ এবছৰ পিছতে জনপ্ৰিয়তা লাভ কৰা আপোচ বিহীন সংগ্ৰাম আৰম্ভ কৰিছে সংগঠনটোৱে। অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচন থকা সংকটৰ পৰা উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় এবছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ নামৰ সংগঠনটোৰ৷
ৰাজ্যৰ কেবাগৰাকী যুৱকে একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত এটা বছৰত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে ১৯৫১চনক ভিত্তিবৰ্ষ হিচাপে লোৱা, হিন্দু বাংলাদেশী সংস্থাপন, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷ সংগনটোৱে কেন্দ্ৰীয় প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ টিয়কট সোমবাৰে অনুষ্ঠিত কৰে৷
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি আলোচনাপন্থী আলফা নেতা জিতেন দত্তই নাগা ফ্ৰেমৱৰ্ক শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবীয় জনায়৷ আমি ২৫ তাৰিখলৈকে অপেক্ষা কৰিম, যিহেতু নগাফ্ৰেৰ্মৱৰ্ক চুক্তিৰ বিষয়ে ৰাজহুৱা কৰিম বুলি কেন্দ্ৰীয় চৰকাৰে আৰু নাগালেণ্ড চৰকাৰে আমাক জনাইছে।
যদি ২৫ তাৰিখৰ পিছত নাগা ফ্ৰেমৱৰ্ক চুক্তি মতে অসমৰ মাটি নাগালেণ্ডত অন্তৰ্ভুক্ত হয় তেন্তে আমি নাগালেণ্ডৰ বিৰুদ্ধে সৰ্বাত্মক গণ প্ৰতিৰোধ, অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম বুলি কয় আলফা নেতা জিতেন দত্তই৷ মন গলেই অসম চৰকাৰে, মন গলেই মোদি চৰকাৰে, অসমৰ মাটি নাগালেণ্ডক দি দিব, মন গলেই অসমৰ মাটি নাগালেণ্ড চৰকাৰে দখল কৰিব।
এয়া আমাৰ স্বাভিমানত আঘাত লাগিছে। গতিকে আমাৰ স্বাভিমানত আঘাত লগাৰ কাৰণেই ৰাইজ আপোনালোকে ওলাওক অহা ২৬ তাৰিখৰ পৰা আমি নগালেণ্ডৰ বিৰুদ্ধে সৰ্বাত্মক গণ প্ৰতিৰোধ, অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম।
যাৰ জৰিয়তে অসমৰ ভূমি ৰক্ষা হ'ব, অসমৰ স্বাভিমান ৰক্ষা হ'ব। অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সভাতেই অসমৰ জাতি-মাটিৰ গীত গোৱা জনপ্ৰিয় সংগীত শিল্পী বিপিন চাউদাংক সংগঠনটোৱে অসম প্ৰেমী বঁটা প্ৰদান কৰে। বঁটাত আছিল এখন চেলেং, এখন শৰাই, এটি গোৱা পান, এটি গছ পুলি, এটি অৰিহণা আৰু এখন মান প্ৰত্ৰ। বঁটা লৈ মঞ্চত আৱেগিক হৈ পৰে শিল্পী বিপিন চাউদাং।