
আমগুৰিঃ উজনি-নামনিত বন্য হস্তীৰ তাণ্ডৱ অব্যাহত আছে৷ ৰাজ্য খনৰ হাজাৰ হাজাৰ পৰিয়ালে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ সন্তান, পৰিয়ালৰ, ঘৰ-বৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনিদ্ৰ ৰজনী কটাইছে অসহায় হাজাৰ হাজাৰ অএসমীয়াই৷ ৰাজ্যৰ কথ চহকী মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বন বিভাগে বনৰীয়া হাতীৰ জাকৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা নাই৷
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ খাটি খোৱা দৰিদ্ৰ, শ্ৰমিক তথা দুৰ্গম অঞ্চলৰ লোকসকলৰ জীৱন-সম্পত্তিক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পাহাৰীয়া সমীপত বছৰ বছৰ ধৰি বসবাস কৰা লোকসকলক সুৰক্ষা দিবলৈ চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ থলুৱাক উচ্ছেদ কৰি যেনেদৰে উঠি-পৰি লাগিছে তেনেদৰে সুৰক্ষা দিয়াত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
অসম নাগালেণ্ড সীমান্তত নগাৰ সৈতে যুজ দি থলুৱা জীয়াই থাকিব লগা হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ সৈতে যুজ দি জীয়াই থাকিব লগা হৈছে থলুৱা অসমীয়া৷ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে৷ পাহাৰৰ পৰা নামি অহা প্ৰায় ২৮০টা হাতীৰ এটা জাকে নিশাৰ ভিতৰতে বিঘাই বিঘাই কৃষিভূমি নষ্ট কৰি, খাই তহিলং কৰিছে৷ নিৰ্বিকাৰ বন বিভাগে হাতীৰ জাকক খেদি পঠোৱাৰ ব্যৱস্থা নকৰাত ৰাইজে দিনে নিশাই পহৰা দিব লগা হৈছে পথাৰত৷
হাতত জোঁৰ লৈ হাতী খেদাৰ প্ৰচেষ্টা কৰিব লগা হৈছে৷ সোণগুটি ঘৰলৈ অনাৰ পূৰ্বেই এফালৰ পৰাই নষ্ট কৰি গৈছে হাতীয়ে৷ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ দিখৌমুখ আৰু শিৱসাগৰ সমষ্টিৰ বিভিন্ন অঞ্চলত এটা হাতীৰ জাকে তাণ্ডৱ চলাই গৈছে৷ দিখৌমুখ আৰু লুৰুকীচুক অঞ্চলৰ পথাৰত থিতাপি লৈ জাকটোৱে বহুকেইখন পথাৰৰ ধানখেতি নষ্ট কৰি পেলাইছে৷ লুৰুকী, লৰা আৰু তাঁতী নামৰ পথাৰ কেইখনত হাতীৰ জাকটোৱে তাণ্ডৱ অব্যাহত ৰাখিছে৷
বানবিধ্বস্ত অঞ্চলটোত কৃষকসকলে বহু কষ্টৰে কৰা ধানখেতি চকুৰ সন্মুখতে নষ্ট হৈ পৰাত হাহাকাৰ কৰিব লগা হৈছে খেতিয়কসকলে৷ শিৱসাগৰ জিলা বনবিভাগে হাতীৰ জাকটোক খেদি পঠিওৱাৰ কোনো ব্যৱস্থা কৰাৰটো দূৰৰ কথা আজিলৈকে খবৰ লবলৈ অহা নাই৷ হাতীৰ জাকটোৱে গাঁৱৰ নিচেই কাষতে অৱস্থান কৰাত ঘৰ দুৱাৰ বিনষ্ট কৰাৰ শংকাত উজাগৰী নিশা কটাবলগীয়া হৈছে গাওঁবাসীয়ে৷
গঞাই হাতত জোঁৰ লৈ, ফটকা ফুটাই হাতী খেদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গাওঁবাসীয়ে৷ প্ৰতি বছৰে হাতীৰ জাক অঞ্চলটোলৈ আহি বিস্তৰ ক্ষতিসাধন কৰি গুচি যায়৷ ইয়াৰ পাছতো শিৱসাগৰ জিলা বনবিভাগ নাইবা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ বৰ্তমান অৱস্থান গ্ৰহণ কৰা হাতীৰ জাকটোৱে আৰু কিমান দিনলৈ অনিষ্ট সাধন কৰিব তাৰ কোনো নিশ্চয়তা নাই৷