
গোৱালপাৰাঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাত গোৱালপাৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ ৰাজ্যৰ বিবিন্ন দল-সংগঠনে জাঙুৰ খাই উঠাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জাঙুৰ খাই উঠিছে সংগঠনটোৱে৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাতনৰ পূৰ্বে জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈছিল যদিও নিৰ্বাচনৰ পিছত সলনি হ’ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
সকলোকে সুৰক্ষা দিম বুলি কৈ চৰকাৰ গঠন কৰা অগপ বিজেপি আৰু বিপিএফ চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে ছাত্ৰ মুক্তি৷ আনহাতে উচ্ছেদিত লোকৰ খবৰ লোৱা যোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য্য কোঁৱৰ, গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক তথা কৃষক মুক্তিৰ উপদেষ্টা বেদান্ত লস্কৰ আৰু কৃষক নেতা গোপিদাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দি সংগঠনটোৱে গোৱালপাৰা চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰৰ প্ৰতিকৃতি দাহ কৰি নেতা কেইজনক শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে উচ্ছেদ বন্ধ কৰাৰ দাবী জনায়৷ গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় শিক্ষা সম্পাদক আমিনুল হকে কেৱল উচ্চ ন্যায়ালয়ৰ দোহাই দি উচ্ছেদ অভিযান চলোৱা চৰকাৰে উচ্ছেদিত পৰিয়াল সমূহক সংস্থাপনৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে৷