ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যাৰ ত্ৰিপুৰা ভ্ৰমণ

আগৰতলাঃ চাৰিদিনয়া ভ্ৰমণ সূচীৰে ত্ৰিপুৰালৈ আহে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা সুষমা চাহু। মঙলবাৰে সন্ধিয়া আগৰতলা বিমান বন্দৰত বিমানৰ পৰা নমাৰ পিছতে বহু মহিলা সংগঠনে তেওক আদৰণী জনাই৷

বিজেপিৰ ত্ৰিপুৰা মহিলা মৰ্চাৰ সভানেত্রী পাপিয়া দত্তই তেওক আদৰণী জনাই৷ বিমান বন্দৰৰ পৰা তেওক পোনে পোনে ৰাজ্যিক অতিথি শালালৈ নিয়া হয়৷ বুধবাৰে পুৱাই অধ্যক্ষগৰাকীয়ে ত্ৰিপুৰাৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিব৷ একাংশ অসহায়, নিপীড়িত লোকক তেও সাক্ষাৎ কৰিব৷

উক্ত সময়ত তেওৰ সৈতে সংগ দি ৰাজ্যিক মহিলা আয়োগৰ এগৰাকী সদস্যা৷ বিমানবন্দৰত উপস্থিত হৈয়ে মহিলা আয়োগৰ সদস্যা সুষমা চাহু ৰাজ্য চৰকাৰক বিফল আখ্যা দি সমালোচনা কৰে৷