
তেজপুৰঃ মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু কত, কেতিয়া হয় কোনে জানে৷ মৃত্যু চিৰন্তন সত্য যদিও কিছু মৃত্যুক সহজে লব নোৱাৰি৷ তেনে এক মৃত্যুক সহজে লব পৰা নাই তেজপুৰৰ ৰাইজে৷ এগৰাকী যুৱ ফটো সাংবাদিকৰ মৃত্যুই কন্দুৱাইছে সকলোকে৷
দুৰ্ঘটনাত পতিত হৈ এগৰাকী আগশাৰীৰ ফটো সাংবাদিকৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে৷ ঐতিহ্যমণ্ডিত তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ মঙলবাৰে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আকোৱালি লয়৷
জানিব পৰা মতে, তেজপুৰৰ ফটো সাংবাদিকগৰাকীয়ে মঙলবাৰে বাইকেৰে কলিয়াবৰ অভিমূখে গৈ থকা অৱস্থাত এক পথ দুৰ্ঘটনাত পতিত হয়৷
এখন তীব্ৰবেগী টেংকাৰে খুন্দা মৰাৰ ফলত দেহৰ কেইবা ঠাইত বেয়াকৈ আঘাত পোৱাৰ লগতে ৰক্তক্ষৰণ হয়৷ ততাতৈয়াকৈ সাংবাদিকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাত মৃত্যুক আকোৱালি লয়। তেওৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে তেজপুৰত শোকৰ ছাঁ পৰে৷
তেজপুৰৰ সংবাদিক সকলে তেওৰ মৃত্যুক সহজে লব পৰা নাই৷ সতীৰ্থক হেৰুৱাই শোকবিহ্বল কৰি তোলে৷ শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, শোনিতপুৰ সাংবাদিক সন্থা, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা আৰু তেজপুৰত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে ফটো সাংবাদিকৰ মৃত্যুত শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰে৷