অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ প্ৰতিষ্ঠা দিৱস, বিপিন চাওদাঙক অসম প্ৰেমী বঁটা

ডিব্ৰুগড়ঃ ৰাজ্যত আপোচবিহীন সংগ্ৰামৰ পাতনি মেলা জাতিৰ হকে মাত মাতি অহা অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে সোমবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ ৰাজ্য খনৰ জাতীয় সমস্যাৰ হকে মাত মাতি অহা সংগঠনটোৱে ১৯৫১ চনক অসমৰ বিদেশী চিনাক্ত কৰণৰ ভিত্তিবৰ্ষ কৰাৰ লগতে বিভিন্ন সমস্যাৰ হকে মাত মাতি আহিছে৷ বিদেশী বিতাৰণ আন্দোলনৰ সিংহপুৰুষ ললিত চন্দ্ৰ ৰাজখোৱাৰ জন্মভূমিত গঠন হোৱা মঞ্চখনে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ পূৱ টিয়কস্থিত ৰূপজ্যোতি কলামণ্ডলত অনুষ্ঠিত হৈ যায়৷

পুৱা কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰাৰ পিছতে শ্বহীদ তৰ্পন কৰে কেন্দ্ৰীয় মুখ্য উপদেষ্টা জীৱেশ্বৰ শইকীয়াই৷ তাৰ পাছতেই পৰিবেশ সংৰক্ষণৰ বাৰ্তা কঢ়িয়াই টিয়ক নগৰৰ মাজেৰে বাইক ৰেলী উলিয়াই৷ সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণ খনিকৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷

অসম প্ৰেমী যুৱ-ছাত্র সমাজ অসমৰ মহা-সচিব অৰিন্দম শদিয়াখোৱাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকে খিলঞ্জীয়া মঞ্চ, অসমৰ মুখ্য উপদেষ্টা অনুপ চেতিয়া, আলফা নেতা জীতেন দত্ত, প্ৰৱাল নেওগ, অসম সন্মিলিত মহা সংঘৰ প্ৰশান্ত বৰা, সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ উপ-সভাপতি ভাস্কৰ কলিতা, বীৰ লাচিত সেনা অসমৰ গগন কলিতা, সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, জাতীয়তাবাদী যুৱ সমাজৰ টংকেশ্বৰ মৰাণ, প্ৰাক্তন আলফা ঐক্য মঞ্চৰ যোৰহাট জিলাৰ সভাপতি ভাস্কৰ বৰদলৈ, যোৰহাট জিলা উকীল সন্থাৰ সম্পাদক বিনোদ নগৰীয়া, চিন্তাবিদ চাও নাম টি লাও, ৰূপৰেখা বৰদেউৰী, অনুৰাগ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ, অসমৰ কেন্দ্ৰীয় আইনী উপদেষ্টা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাজশ্ৰী শৰ্মা উপস্থিত থাকি অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে বিদেশী সমস্যা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি কয়৷ বিশেষভাৱে সক্ষম অষ্টম শ্ৰেণীত অধ্যয়ণৰত প্ৰায় ১.৫ ফুট উচ্চতাৰ বিষ্ণুপ্ৰিয়া গগৈক বিশেষভাৱে স্নেহাশীষ জ্ঞাপন কৰাৰ লগতে ৰাইজৰ সহযোগত আৰ্থিক সহায় কৰা হয়।