অসম বন্ধ, যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যসূচী স্থগিত

চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ঘোষণা কৰা কাৰ্যসূচী স্থগিত কৰা বুলি জানিব পৰা গৈছে৷ ধেমাজি জিলাৰ জোনাই মহকুমাত জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিয়ে পানী যোগান ধৰিব নোৱাৰাত সংগঠনটোৱে বিভাগটোৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে৷

জোনাইৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে।

একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ বাবেই সকলো আঁচনি আজিও বিকল হৈ আছে। জনস্বাস্থ্য বিভাগৰ এই পৰ্বতসম দুৰ্নীতিৰ উচ্চিত তদন্তৰ দাবী কৰি যুৱ-ছাত্ৰ পৰিষদে কাৰ্যসূচী ৰূপায়ন কৰি আহিছিল যদিও কাৰ্যসূচী স্থগিত ঘোষণা কৰে সংগঠনটোৱে৷

২৯ নৱেম্বৰতদুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছিল যদিও আমচাং অভয়াৰণ্যত খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ প্ৰতিবাদত ২৯ নৱেম্বৰত সদৌ অসম ট্ৰাইবেল সংঘই অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰাত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যুৱ-ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে বুলি জোনাই আঞ্চলিক সমিতিৰ সভাপতি জিতেন মিলি আৰু জিলা কাৰ্যনিৰ্বাহক ধীৰাজ মিৰিয়ে জানিবলৈ দিছে।