
গুৱাহাটীঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাত জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন সমূহ৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈ চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে খিলঞ্জীয়া চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কেইবাটাও সংগঠন৷ তাৰ মাজতে জনজাতি সংগঠন সমূহৰ সম্বন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে৷
সংগঠনটোৰ নেতা প্ৰশান্ত কোঁৱৰে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে থলুৱাক অপমান কৰিছে যাৰ বাবে এই বন্ধৰ আহ্বান কৰা হৈছে৷ বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধ পালন কৰি ৰাইজক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ তাৰ মাজতে, এই বন্ধক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতে কৰে৷ এক বিবৃতি যোগে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই বন্ধক বিৰোধিতা কৰি বন্ধই অসমৰ কোনো সমস্যা সমাধান নকৰে বুলি কয়৷
বৰ্তমান সময়ত আমি বন্ধ কাৰ্যসূচী আৰু মই জনজাতি মই মটক, মই মৰাণ, মই চুতীয়া বুলি পৰিচয় দিয়াতকৈ মই প্ৰিয় অসমীয়া বীৰ লাচিত, মুকুন্দৰ দেশৰ, শংকৰ আজানৰ দেশৰ মানুহ বুলি চিনাকী দিবলৈ আহ্বান জনায়৷ নেতাগৰাকীয়ে বিবৃতি যোগে অসমত কোনো বিদেশীৰ স্থান নাই বুলি কৈ প্ৰকৃত অসমীয়াই অসম ৰাজত্ব কৰিব বুলি কয়৷ চৰকাৰে বিনাচৰ্তে ভূমিহীন খিলঞ্জীয়াক সংস্থাপন দিয়াৰ লগতে খিলঞ্জীয়াৰ জীৱন-সম্পত্তিক নিৰাপত্তা দিয়াৰ দাবী জনায়৷ অন্যথাই গণ বিপ্লৱ গঢ়ি তুলিব লাগিব বুলি কৈ যুগল বৰুৱাই সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে অসম বন্ধৰ দৰে কাৰ্যসূচীৰ সৰ্মথন নকৰে বুলি কয়৷