শ্বাহ আলমক সকীয়নি অগপৰ

বাইহাটা চাৰিআলিঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ লগতে কুছুদিন পূৰ্বে মঙলদৈৰ ফুহুৰাতলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এটা দলে ফুহুৰাতলিত উচ্ছেদিত লোকৰ খবৰ লবলৈ যায়। তাৰ মাজতে শ্বেখ শ্বাহ আলম নামৰ এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়৷ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দল-সংগঠনে৷

তাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাজ্য খনৰ দল-সংগঠন সমূহ৷ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক শ্বাহ শ্বেখ আলমে কৰা সাম্প্ৰদায়িক আৰু বিভাজনমুখী মন্তব্যক চোকা ভাষাৰে সমালোচনা কৰে অসম গণ পৰিষদে এক বিবৃতি যোগে সংগঠনটোৰ মুখপাত্ৰ মনোজ শইকীয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজত বিধি পথালি দিবলৈ এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি কয়৷ শ্বাহ শ্বেখ আলমৰ দৰে একাংশ ৰাজনীতিকে সদায়ে অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে আৰু শান্তি সম্প্ৰীতি বিনষ্ট কৰি ৰাজ্যখনক অস্থিৰ কৰাৰ নিকৃষ্ট ৰাজনীতি কৰি আহিছে।

অসম অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় বুলি মন্তব্য কৰি অবৈধ বাংলাদেশীৰ হৈ মাত মতা শক্তিসমূহক কঠোৰ হাতেৰে দমন কৰা উচিত। শেহতীয়াকৈ একাংশই উগ্ৰ সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই সন্দেহ, অবিশ্বাস আৰু শংকাৰ পৰিবেশ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছে বুলি অভিযোগ কৰি এনে শক্তিসমূহক সংযত হ’বলৈ কঠোৰ ভাবে সকীয়াই দিয়ে। উচ্ছেদিত খিলঞ্জীয়াক সংস্থাপনৰ আহ্বান অগপৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আমচিংত প্ৰশাসনে উচ্ছেদ কৰা খিলঞ্জীয়া লোকসকলক সংস্থাপনৰ বাবে আৰু উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষতি যাতে নহয় তাৰ বাবে ব্যৱস্থা লবলৈ চৰকাৰক আজি আহ্বান জনাইছে অগপ দলে। 

অান এক প্ৰেছ বিজ্ঞপ্তিত দলৰ মুখপাত্ৰ মনোজ শইকীয়াই কয় যে,বনাঞ্চলত অবৈধ বেদখল দলে সমৰ্থন নকৰে। বিভিন্ন সময়ত এই অঞ্চলত থিতাপি লোৱা আৰু বছৰ বছৰ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰা উচিত। একেদৰে এই পৰিয়াল সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক ক্ষতি যাতে নহয় তাৰ প্ৰতিও চৰকাৰে লক্ষ্য ৰখাতো উচিত বুলি মন্তব্য কৰে।