
নামতিঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত "Research and Development Initiatives on the promotion of inclusive Society" শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰ মঙলবাৰৰ পৰা আৰম্ভ হয়।
নামতি ছহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীৰ উদ্যোগত আৰু বিশ্বৰ বিভিন্ন দেশৰ পাঁচটা সংগঠন লগতে শিৱসাগৰ জিলাৰ নামতি আঞ্চলিক ছাত্র সন্থা, নামতি প্রেছ গীল্ড আৰু ছহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সহযোগত আয়োজন কৰা আলোচনা চক্ৰত পুৱা বন্তি প্রজ্বলন উদ্ধোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলসী সেনচোৱাই।
মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় অধ্যক্ষ ড০ চৈয়দ চামচুজ জামানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উদ্ধোধনী ভাষণ আগবঢ়াই শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অশ্চিনী কুমাৰ দলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, থাইলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু ইংলেণ্ড অধ্যাপক, অধ্যাপিকা আৰু গৱেষকসকলে অংশগ্ৰহণ কৰা আলোচনা চক্রত মূল ভাষন আগবঢ়াই আমেৰিকা International Centre for low in devlopmentৰ সভাপতি Clarence V Dias, বেংককৰ IIPDS ৰ অধ্যক্ষ মহম্মদ আব্দুছ চাত্তাৰ আৰু পাঞ্জাৱ Universityৰ প্রৱক্তা Ashu Pasricha-এ।
সমাজৰ যি সকল লোকে বিভিন্ন ক্ষেত্রত পিছ পৰি আছে সেই সকলক সমাজৰ লগত একাকাৰ কৰাৰ উদ্দেশ্যে আয়োজন কৰা উক্ত অনুষ্ঠানত শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, নিতাই পুখুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ বৰগোঁহাই আৰু জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনজিত গগৈৰ লগতে দেশ-বিদেশৰ বহু গৱেষক আৰু অধ্যাপক তথা ভালে সংখ্যক গন্য-মাণ্য ব্যক্তি উপস্থিত থাকে।
মহাবিদ্যালয় খনৰ ছাত্র-ছাত্রীৰ লগতে অঞ্চলটোৰ শতাধিক লোকে অংশ গ্রহণ কৰা আলোচনা চক্র খনত প্রথম দিনাৰ অনুষ্ঠানৰ সামৰণিত বিহু নৃত্য, বৰগীত, জিকিৰ আৰু গায়ন-বায়নৰ এক আড়ম্বপূর্ণ সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰা হয়। সেয়েহে ২৯ আৰু ৩০ নৱেম্বৰত আয়োজক সমিতিয়ে সকলো ৰাইজৰ সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিছে।