
গুৱাহাটীঃ থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ ভয়াবহ ছবিখনে ৰাজ্য তোল-পাৰ লগাই থকাৰ সময়তে বুধবাৰে জনগোষ্ঠীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে অসম বন্ধৰ পালন কৰে৷ ৰাজ্যত বিভিন্ন ঠাইত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ আনহাতে একাংশ দল সংগঠনে উচ্ছেদ অভিযানত তীব্ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখা যায়৷ ধেমাজি, মাজুলি আদি জিলাত নৈৰ গৰা খহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাই নিথৰুৱা লোকসকলে গুৱাহাটী মহানগৰীত আহি আমচাং অভয়াৰণ্যত বসবাস কৰি থকা বুলি কয়। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক চৰকাৰে বৰ্বৰ ভাবে উচ্ছেদ কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷
উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠাৰ সময়তে ৰাজ্য চৰকাৰ অস্বস্তিত পৰে৷ খোদ চৰকাৰৰ সহযোগী দলে চৰকাৰক বেয়াকৈ সমালোচনা কৰে৷ জনগোষ্টীয় সংগঠন সমূহে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক জনজাতি বিৰোধি আখ্যা দিয়ে৷ সোমবাৰৰ পৰি আমচাং অভয়াৰণ্যত চলোৱা উচ্ছেদ অভিযানত এতিয়ালৈ ৭১০টা পৰিয়ালক উচ্ছেদ চলোৱা বুলি জানিব পৰাগৈছে৷ প্ৰশাসনৰ হাতী আৰু এক্সেভেটেৰেৰে সোমবাৰে পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ পুৱাই প্ৰশাসনৰ বৃহৎ দল উপস্থিত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷
আমচাঙত প্ৰশাসনৰ লোকক উচ্ছেদ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ লগে লগে স্থানীয় লোক ওলাই আহি আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ মুখামুখী হয়৷ প্ৰায় ২০টা হাতী, এক্সেভেটৰ লৈ প্ৰায় ১৫০০০ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ একাংশ লোকে বাট ভেটা দিয়ে যদিও প্ৰশাসন সন্মুখত বেছি সময় প্ৰতিবাদ কৰিব নোৱাৰিলে৷ কিয়নো সোণোৱালৰ আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে ৰবৰৰ বুলেট, কন্দুৱা গেছ, লাঠিচালনাৰে ছত্ৰভংগ দিবলৈ বাধ্য কৰে ৰাইজক৷ প্ৰশাসনৰ লোকে উচ্ছেদ কাৰ্য চলাই এফালৰ পৰা বহু ঘৰ ভাঙি পেলায়৷
ঘৰৰ সামগ্ৰী বাহিৰত উলিয়াই থয়৷ বিছনা লৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কাপোৰ সকলো দলিয়াই পেলায় প্ৰশাসনে৷ তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ দিন চলি থকাৰ সময়তে অমানবীয় ভাবে উচ্ছেদ অভিযান চলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ মাজতে ৰাজ্য চৰকাৰে উচ্চতম ন্যালয়ত মানবীয়তাৰ খাতিৰত উচ্ছেদ অভিযান স্থগিতা ৰখাৰ বাবে আবেদন জনাই৷ চৰকাৰৰ আবেদনক সকাহ দিয়ে উচ্চতম ন্যায়লয়ে৷ এদিনৰ বাবে জনবসতি এলেকাত চৰকাৰে উচ্ছেদ অভিযান বন্ধ ৰাখে৷ বুধবাৰে প্ৰশাসনে যোৰাবাটত উচ্ছেদ অভিযান চলায়৷ চিমেন্ট কোম্পানীৰ ভিতৰত প্ৰশাসনে চলাই উচ্ছেদ অভিযান৷
প্ৰশাসনে উচ্ছেদ বন্ধ ৰখাৰ এদিনৰ জন বসিত এলেকাত উচ্ছেদ কাৰ্য বন্ধ ৰাখি কল-কাৰখানাত চলাই উচ্ছেদ অভিযান৷ আনহাতে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আমচাঙত কেইবাগৰাকী ৰাজনৈতিক দলৰ নেতাৰ ভূমি থকা বুলিও কয়৷ অভয়াৰণ্যৰ ভিতৰত কেনেকৈ কোম্পানীৰ লগতে কল-কাৰখানাৰ নিৰ্মাণৰ অনুমতি লাভ কৰিলে তাৰ তদন্ত কৰা হ’ব বুলিও কয় বনমন্ত্ৰী প্ৰমীলাই৷ এটি সুত্ৰই newsnextone.comক জনোৱা মতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অকন বৰা নেতৃত্বত কেইবাগৰাকী ৰাজনৈতিক দলৰ নেতাই ভূমি দখল কৰিছিল৷ এগৰাকী প্ৰাক্তন মন্ত্ৰী বৰ্তমান বিজেপি দলত আছে৷ তেওৰো দখলত আমচাঙৰ ভূমি থকা বুলি জানিব পৰা গৈছে৷
আমচাং অভয়াৰণ্যত আৰক্ষী-অৰ্ধসামৰিক বাহিনী সহ বহু হাতী-এক্সেভেটৰ লৈ যোৱা দুদিন ধৰি কামৰূপ জিলা প্ৰশাসন, বন বিভাগে আমচাং অভয়াৰণ্যৰ তথা বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত, নৱজ্যোতি নগৰত উচ্ছেদ অভিযান চলাই৷ ৰাজ্য চৰকাৰে তিনিদিন একেৰাহে বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত উচ্ছেদ অভিযান চলােৱাৰ কথা আছিল যদিও বুধবাৰে স্থগিত ৰাখে উচ্ছেদ কাৰ্য৷ ৰাজ্যৰ জাতি মাটি ভেটিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাডীত বহা বিজেপি চৰকাৰে খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰি উচ্ছেদ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় উজনিৰ ধেমাজি, মাজুলি আদি জিলাত৷ আমচাঙৰ খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত TMPK, MMK, TMMK. এবছু, ট্ৰাইবেল সংঘ, তিৱা ছাত্ৰ সন্থা আদিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷