ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত কাৰাটে খেলুৱৈক সম্বৰ্দ্ধনা

ডিব্ৰুগড়ঃ টেঙাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত টেঙাখাট কাৰাটে একাডেমীৰ সৌজ্যনত অায়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় স্কুল কাৰাটে প্ৰতিযোগিতা অাৰু উত্তৰ-পূৱ কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা ডিব্ৰুগড় জিলাৰ ৯ জন কাৰাটে খেলুৱৈক সদ্যহতে সম্বৰ্দ্ধনা জনোৱা হয় ৷

খেলুৱৈ সকল হৈছে কুঞ্জদ্বীপ চমুৱা, নিচান্ত চমুৱা, দুংগমদ্বীপ ফুকন, তণময় সোণোৱাল,ত্রিবেদী দত্ত, কিম্পী বৰগোঁহাই, হৰিপ্ৰিয়া দিহিঙীয়া, চানক্য বৰগোঁহাই অাৰু অমৃতা মোডী ৷

একাডেমীৰ উপ-সভাপতি শৰৎ গগৈয়ে অাঁতধৰা অনুস্থানটিত বিশেষভাৱে উপস্থিত থাকি বক্তৱ্য অাগবঢ়াই টেঙাখাট অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অাৰক্ষী বিষয়া বিদ্যুৎ দত্ত, জিলাৰ কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেন ফুকন, টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ একলব্য সোণোৱাল, টেঙাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ ওজা, টিংৰাই হাইস্কুলৰ প্ৰধান শিক্ষক শ্যামল সেনাপতি, জিলাৰ কৃষি বিষয়া তথা একাডেমীৰ সভাপতি সুশীল কুমাৰ গগৈ, প্ৰশিক্ষক বিশ্বজিত সোণোৱাল ৷ সভাত জিলাৰ কাৰ্য্যালয়ৰ সম্পাদক অলকেশ গোস্বামী উপস্থিত থাকে৷ সভাৰ শেষত শলাগৰ শৰাই অাগবঢ়াই একাডেমীৰ বিষয়-ববীয়া প্ৰদীপ শইকীয়াই৷