দামী মোবাইল, দুখনকৈ চিমকাৰ্ড, নেটৱৰ্ক হে নাই হাইলাকান্দিত

হাইলাকান্দিঃ লোকক দেখুৱাবলৈহে মোবাইল, নেটৱৰ্ক হলে নাই। ফটো উঠিবলৈ হে মোবাইল আপলোড কৰিবলৈ নাই নেটৱৰ্ক৷ দুখন তিনিখন চিমকাৰ্ড থাকিও কামত অহা নাই এখনো চিমকাৰ্ড৷ এদিন দুদিন নহয় কেইবাদিনো মোবাইলত নাই নেটৱৰ্ক। যেন সংযোগহীন হৈ পৰিছে এটা এলেকা৷ নিৰ্দিষ্ট এটা নহয় সকলো ব্যক্তিগত মোবাইল কোম্পানীৰে নাই নেটৱৰ্ক।

সেয়া লাগিলে বিএচএনএল, এয়াৰচেল, এয়াৰটেল, ভোডাফন নাইবা জিঅ’ কোনো এখনো চিম কামত অহা নাই৷ এই দুৰৱস্তা ভুগিব লগা হৈছে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত৷ জিলা খনৰ দক্ষিণ হাইলাকান্দি ব্লকৰ অন্তৰ্গত ঘাড়মোড়া এলাকাত বিগত কেইবামাহ ধৰি মোবাইলত নাই নেটৱৰ্ক। ক্ষোভিত হৈ পৰিছে  জনসাধাৰণ। প্রতিজন মানুহৰ হাতত মোবাইল থাকিলেও পাতিব পৰা নাই কথা৷

উল্লেখ্য যোগ্য যে, ঘাড়মোড়া, ৰামনাথপুৰ, জামিৰা অঞ্চলত অধিক সংখ্যক লোকৰে এয়াৰটেলৰ সংযোগ৷ পিছে কেইবামাহৰো পৰা এয়াৰটেলে নেটৱৰ্ক দিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে বিক্রী কৰা বন্ধ কৰি দিছে ৰিচাৰ্জ কাৰ্ড৷ যাৰ ফলত গ্ৰাহক সকল আৰু অধিক বিপদত পৰিছে৷ সোমবাৰলৈ অঞ্চলটোত বিক্ৰী বন্ধ আছিল ৰিচাৰ্জৰ৷

শেষত বুধবাৰেহে ঘাড়মোড়াত উপস্থিত হয় জিঅ’ টাৱাৰ ঠিক কৰিবৰ বাবে টেকনিকেল ইঞ্জিনিয়াৰ বিক্রম সিং, চাইড ইঞ্জিনিয়াৰ কানাইলাল দাস আৰু বিদ্যুৎ যোগান কর্মী চাহাৰুল আলম৷ তেওঁলোকে জনসাধাৰণকে আশ্বাস দিয়ে যে দুই-তিন দিনৰ ভিতৰতে ঘাড়মোড়াত জিঅ’ৰ পৰিসেৱা পুনৰ উপলব্ধ কৰা হ'ব৷