নামতিত ৰাজ্যিক মহিলা আয়োগৰ আইন সজাগতা সভা

নামতিঃ ৰাজ্যিক মহিলা আয়োগ আৰু শিৱসাগৰ জিলা প্রশাসনৰ উদ্যোগত বুধবাৰে নামতি ক্লাৱত এখন জিলা পর্যায়ৰ নাৰীৰ আইন সজাগতা সভা অনুষ্ঠিত হৈ যায়। শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ সঞ্চালনাত অনু্ষ্ঠিত সভাত নাৰীক আইনৰ সন্দর্ভত সজাগ কৰি তোলাৰ বাবে অনুষ্ঠিত কৰা হয়।

সভাত অসম মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰ, অসম মহিলা আয়োগৰ উপাধ্যক্ষা হেমপ্রভা বৰঠাকুৰ, শিৱসাগৰ জিলা শিশু কল্যান সমিতিৰ অধ্যক্ষা তথা অসম প্রাদেশিক মহিলা সমিতিৰ উপ-সভানেত্রী মণিকা শইকীয়া, অধিবক্তা ফজল আলী উপস্থিত থাকে।

জিলা পৰিষদৰ সভানেত্রী সান্তনা বৰগোঁহাই, শিশু কল্যান সমিতিৰ সদস্যা, অধিবক্তা কুন্তলা হাজৰিকা, শিৱসাগৰ জিলা মহিলা সমিতিৰ যুটিয়া সম্পাদিকা ৰুমা বেজবৰুৱা, মুনু দাস, জিলা মহিলা কোষৰ সদস্যা নিতালী কোঁৱৰ, জিলা মহিলা সমিতিৰ অঞ্জলি দত্ত, আইন আবয়িকা তথা অসম প্রাদেশিক মহিলা সমিতিৰ কাৰ্যকৰী সদস্যা নিজুমণি গগৈ, শিৱসাগৰ জিলা মহিলা সমিতিৰ সদস্যা বিদ্যা পাতিৰ আৰু ৰেখা ভৰালী উপস্থিত থকা সভাখনত অঞ্চলটোৰ প্রায় পাঁচ শতাধিক লোকে অংশ গ্রহণ কৰে।