ছাত্ৰ মুক্তিৰে আলোচনাত বহিল অইল ইণ্ডিয়া কৰ্তৃপক্ষ, বিদ্যালয় গৃহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱা শিক্ষা বিভাগৰ পয়ালাগ ছবি খন উদঙাই দিবৰ বাবে প্ৰতিবাদ তথা অভিযান অব্যাহত ৰাখিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ প্ৰায় ২৫ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ অভাৱত পাঠগ্ৰহণত ব্যাপক সমস্যাত পৰাৰ লগতে বিভিন্ন সমস্যাৰে যুজ দি পাঠ দান কৰি থকাৰ কথা পোহৰলৈ আনে৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দিপাংকৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়াই এক বিবৃতি যোগে যি সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ধাক-ঢোল বজাই আহিছে সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয়, সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে  ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ-কণ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি অহাৰ অভিযোগ উত্থাপন কৰে। যোৱা এপ্ৰিল মাহত অহা প্ৰচণ্ড বতা ধুমুহাত পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছিল।

বহুকেইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিনপাট বতাহ ধুমুহাই উৰুৱাই নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বহুকেইখন বিদ্যালয়ত এটা কোঠাত পাঁচটা শ্ৰণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিলগীয়া হৈছে। কিছু বিদ্যালয়ত গছৰ তলত পাঠদান কৰিলগীয়া হোৱা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংগঠনটোৱে ৯ জুলাইত সংগঠনটোৱে চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰি উপায়ুক্তক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত চৰকাৰী বিদ্যালয়সমূহ ১ মাহৰ ভিতৰত নিমাৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক সুস্থিৰ পৰিবেশত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে। সংগঠনটোৱে ২০ জুলাইত অইল ইণ্ডিয়া লিমিটেডক তিনিখন বিদ্যালয় নিমাৰ্ণ কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷ কিন্তু অইল কৰ্তৃপক্ষই বিষয়টোত গুৰুত্ব নিদিয়াত ২৭ নৱেম্বৰত সংগঠনটোৱে টেঙাখাত-চাবুৱা অঞ্চলত থকা অইলৰ সমূহ কাম বন্ধ কৰি দিয়ে।

যাৰ ফলত যোৱা তিনি দিন অঞ্চলটোত প্ৰায় অইলৰ কাম কাজ বন্ধ হৈ পৰে। সংগঠনটোৰ লগত আজি অইল ইণ্ডিয়া কৰ্তৃপক্ষই টেঙাখাত থানাত প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হয়। প্ৰশাসন আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই শীঘ্ৰে বিদ্যালয়ৰ গৃহ নিমাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি সংগঠনটোৱে প্ৰকাশ কৰে৷