
ধুবুৰীঃ গৌৰীপুৰৰ ৰূপসী বিমাবন্দৰৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ নিহত লোকজন খুদিমাৰী গাঁৱৰ যুৱক আলিমুদ্দিন শ্বেখ (৩০)বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, যুৱক জনে সন্ধিয়াৰ ভাগত বাশবাৰী অঞ্চলৰ পৰা খূদিমাৰীৰ নিজ ঘৰলৈ এএছ-১৭-এইচ-০২৭৭ নম্বৰৰ গ্লেমাৰ বাইকেৰে আহি আছিল৷
আহি থকা অৱস্থাত কোনো গাড়ীয়ে তেওক খুন্দিয়াই থৈ যায়৷ পথৰ দাতিৰ জংঘলত বাইকসহ যুৱকজন পৰি থাকে৷ ৰূপসী আৰক্ষীয়ে যুৱক জনক উদ্ধাৰ কৰি গৌৰীপুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷