জয়ন্ত মাধৱ বৰাৰ গ্ৰন্থত জোঙালবলহুক কছাৰী বীৰ বুলি উল্লেখ কৰাত প্ৰতিক্ৰিয়া

বঢ়মপুৰঃ তিৱাৰ বৰঘৰত তিৱা লোক নৃত্যক অনাঅসমীয়া ব্যৱসায়ীয়ে অপমান কৰাৰ মৰসাহ কৰাৰ পিছত এইবাৰ এখন গ্ৰন্থত তিৱা ইতিহাস সন্দৰ্ভত ভুল বৰ্ণনা দিয়াৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁও-নগাঁও জিলাত৷ তিৱা সকলৰ ইতিসাহ বিকৃত কৰাৰ চেষ্টা চলোৱা বুলি বিভিন্ন তিৱা লোকে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে৷

তিৱা নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যই তোলপাৰ লগাই থকাৰ সময়তে তিৱা জাতিৰ ইতিহাস ভুলকৈ বৰ্ণনা দিয়াত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটোৰ লোকসকল৷ তিৱা সমাজৰ ইতিহাস বিকৃত কৰি প্ৰসিদ্ধ তিৱা বীৰক অপমাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী প্ৰতিষ্ঠিত লিখকৰ বিৰুদ্ধে৷

একাংশ তিৱা জনগোষ্ঠীৰ লোকে এই তথ্য যোগান ধৰে newsnextone.comক। লিখক জয়ন্ত মাধৱ বৰাৰ সদ্য প্ৰকাশিত মায়ং যাদুৰ দেশৰ গোপন গাথা নামৰ গ্ৰন্থ খনত ২, ৩৯ আৰু ৪০নং পৃষ্ঠাত তিৱা বীৰ জোঙালবলহুক কছাৰী বীৰ বুলি উল্লেখ কৰাত তিৱা লোকে জাঙুৰ খাই উঠিছে৷ তিৱা বীৰ জোঙালবলহু কছাৰী বুলি নহয় তিৱা বীৰ বুলি জনাজাত বুলি কয় তিৱা লোকসকলে৷

লেখকগৰাকীয়ে জনশ্ৰুতিৰ দোহাই দি বহু কথা উল্লেখ কৰাৰ লগতে গ্ৰন্থ খনত বাৰে বাৰে জোঙালবলহুক কছাৰী বীৰ বুলি উল্লেখ কৰাত নাৰাজ হৈ পৰিছে তিৱা জনগোষ্ঠীৰ লোক৷ জোঙালবলহুক অপমান কৰাৰ লগতে ইতিসাহ বিকৃত কৰা বুলি অভিযোগ উত্থাপন হয়৷ বিভিন্ন সময়ত বিভিন্ন জনে তিৱা সমাজ সন্দৰ্ভত গবেষণা কৰি বহু গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷

কিন্তু সদ্য প্ৰকাশিত মায়ং যাদুৰ দেশৰ গোপন গাথা গ্ৰন্থত কিছু বিভ্ৰান্তিকৰ কথা উল্লেখ কৰা বুলি অভিযোগ উত্থাপন কৰে তিৱা জনগোষ্ঠীৰ সচেতন লোকে৷ গ্ৰন্থ খনত তিৱা বীৰক কছাৰী বুলি উল্লেখ কৰাত লিখক জয়ন্ত মাধৱ বৰাক ৰাজহুৱাকে ক্ষমা খুজিবলৈও দাবী জনাইছে একাংশ লোকে৷