
পেঙেৰীঃ অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্আষিত হৈছে। অহা ৭ ডিচেম্বৰত এই অধিৱেশন খনৰ লাই খুঁটা স্থাপনেৰে শুভাৰম্ভণি কৰিব সভাৰ মুল বাকৰিৰ মণ্ডপৰ কামৰ। ৰিতুপথাৰৰ 'বদৌচা সমন্বয় ক্ষেত্ৰ'ত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী ৰূপায়ন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। স্থানীয় মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমেশ্বৰ মহন্তইও লাই খুঁটা স্থাপনৰ কাৰ্যসূচীত বিশেষভাৱে অংশ লব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
মাৰ্ঘেৰিটা মহকুমাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ গায়ন-বায়ন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা সহ স্বকীয় কলা-সংস্কৃতি প্ৰদৰ্শিত হ'ব লগীয়া উক্ত কাৰ্যসূচীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বও উপস্থিত থাকিব।
উল্লেখ্য যে অসম সাহিত্য সভাৰ বিশেষ দায়িত্ব প্ৰাপ্ত ব্যক্তি তথা অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৱা ১৯ নৱেম্বৰ তাৰিখে ৰিতুপথাৰৰ বদৌচা ক্ষেত্ৰ ভ্ৰমণ কৰি ৩ ডিচেম্বৰ তাৰিখে লাই খুঁটা স্থাপনৰ দিন ধাৰ্য কৰি গৈছিল যদিও মুখ্যমন্ত্ৰীৰ সুবিধা অনুসৰি সময় সূচী প্ৰস্তুত কৰিব লগা হোৱাৰ বাবেই উক্ত তাৰিখৰ পৰিৱৰ্তে অহা ৭ ডিচেম্বৰ তাৰিখটো বিবেচনা কৰা হয়।
উক্ত কাৰ্যসূচীটো সফল কৰি তুলিবলৈ উদ্যোক্তা সকলে প্ৰস্তুতি তুঙ্গত কৰি তুলিছে। উদ্যোক্তা সকলে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। উল্লেখ্য যে লাই খুঁটাৰ বাবে তিনিচুকীয়া জিলাৰ বৈশিষ্টপূৰ্ণ তথা বিখ্যাত হোলোং গছৰ প্ৰায় ৩২ ফুট দৈৰ্ঘ্যৰ এটা খুঁটা উদ্যোক্তা সকলে যোগাৰ কৰিছে। আজি আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শৰ্মা আৰু কুশল শইকীয়া, সাধাৰণ সম্পাদক ৰবীন মৰাণৰ উপস্থিতিত লাই খুঁটা স্থাপনৰ স্থান নিৰ্বাচন কৰে।