অৰুণাচলত ৪৪ গৰাকী ছাত্ৰীক নাঙঠ কৰি দস্যু শিক্ষয়িত্ৰীয়ে বিহিলে শাস্তি

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ এখন বালিকা বিদ্যালয়ৰ এটি খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিদ্যালয় খনৰ তিনিগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰীক দিয়া শাস্তিৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হয়।

 প্ৰায় ৪৪গৰাকী ছাত্ৰীয়ে কৰা অপৰাধৰ বাবে গৰ্হিত শাস্তি দিয়ে৷ শিক্ষয়িত্ৰী তিনিগৰাকীয়ে জোৰ-জুলুমকৈ ছাত্ৰীক নাঙঠ হবলৈ বাধ্য কৰোৱাৰ খবৰ প্ৰচাৰ হয় একাংশ সংবাদ মাধ্যমত।

 ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শ্ৰেণীৰ কোঠাৰ বাহিৰত উদ্ধাৰ হোৱা এটুকুৰা কাগজত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু এগৰাকী ছাত্ৰীৰ বিষয়ে কোনো বেয়া মন্তব্য লিখি আছিল৷ কিন্তু শ্ৰেণী দুটাত সোধ-পোছ কৰোতে কোনো এগৰাকীৰ পৰা উত্তৰ নোপোৱাত আটাইকেইগৰাকী ছাত্ৰীক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই আনি ৰাজহুৱাকৈ কাপোৰ সোলোকাই শাস্তি প্ৰদান কৰে।

যোৱা ২৩ নৱেম্বৰত সংঘটিত হয় এই ঘঠনা। ঘটনা সন্দৰ্ভত অভিভাৱক সকলে বহু পলমকৈ অৱগত হৈ ২৭ নৱেম্বৰত আৰক্ষীতৰ ওচৰত গোচৰ তৰে। ঘটনা সংঘটিত হয় পাপুম পাৰে জিলাৰ নিউ চাংগলী স্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ৷

শাস্তি দিয়াৰ ক্ষেত্ৰত জৰিত আছিল বিদ্যালয় খনৰ সহ-শিক্ষয়ত্ৰী দুগৰাকী আৰু এগৰাকী নতুনকা যোগদান কৰা শিক্ষয়ত্ৰী৷ ছাত্ৰী একতা সভাৰ সম্পাদিকাই বেয়া মন্তব্য লিখা থকা কাগজৰ টুকুৰাটো কোনো অজ্ঞাত লোকেহে লিখিছিল বুলি কয়৷ এতিয়া আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত সত্য৷