
কোকৰাঝাৰঃ ছাত্ৰ-ছাত্ৰীক বিশুদ্ধে পানী যোগান ধৰিবলৈ আগবাঢ়ি আহিল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী৷ দেশ সেৱাৰ লগতে জনকল্যানমূলক আঁচনিৰে সমাজক সেৱা আগবঢ়াই অহা চিআৰপিএফে বৃহস্পতিবাৰে বিশুদ্ধ খোৱাপানীৰ যোগান আঁচনিৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰত৷

কোকৰাঝাৰৰ ভোটগাঁৱৰ কাশীপাৰা হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে ভোটগাঁওস্থিত ১২৯নং চি আৰ পি এফ বাহিনীয়ে প্ৰায় এক লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা আঁচনিৰ জড়িয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰিব৷ আঁচনিৰ শুভ উদ্বোধন কৰে ১২৯নং চি আৰ পি এফ বাহিনীৰ অধিনায়ক ই ৰমেশে৷
উদ্বোধনী অনুষ্ঠানত কাশীপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক ছৈফুদ্দিন আহমেদে অংশগ্ৰহণ কৰি চি আৰ পি এফৰ উক্ত কাৰ্যক ধন্যবাদ দি দেশৰ সুৰক্ষাৰ হকে কাম কৰা সকলে সমাজৰ প্ৰতি থকা এনে কাম শলাগ লবলগীয়া বুলি কয়৷ অনুষ্ঠানত ১২৯নং বেটেলিয়ানৰ দ্বিতীয় অধিনায়ক হৰিশংকৰ তিৱাৰী, উপ অধিনায়ক তনভিৰ জামানৰ লগতে কাশীপাৰা হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উপৰিও দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷