
গোৰেশ্বৰঃ সমাজত আজিও অৱহেলিত, বঞ্চিত বিশেষ ভাৱে সক্ষম লোকসকল৷ সমাজ খনত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ তেওলোকে নাপায়৷ সময়ে সময়ে চৰকাৰ নিজৰ ঘৰ খনৰ পৰা অৱহেলিত এইসকল লোক৷ তাৰ মাজতে, গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ মহৰিপাৰাৰ উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীয়ে যোৱা ২৮ নবেম্বৰত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷
প্ৰতিষ্ঠা দিৱস উপলক্ষে সমাজত এলাগী বিশেষ ভাৱে সক্ষম লোকসকলৰ মনৰ অৱস্থাৰ বুজ লোৱা আৰু মানসিক ভাৱে উৎসাহিত কৰি সমাজত মৰ্যদা সহকাৰে জীয়াই থকাৰ এক পৰিৱেশ দিয়াৰ মানসেৰে উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীয়ে এক বিশেষ আঅনুষ্ঠানৰ আয়োজন কৰে৷ আলেকজাৰী চুবুৰীত থকা স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ স্থায়ী কৰ্যালয়ত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।
বাহিনীৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই পৰিচালনা কৰা অন্তৰংগ আলাপ অনুষ্ঠানত গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ মুঠ ন’ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তি উপস্থিত থাকে। বাহিনীৰ তৰফৰ পৰা প্ৰতিজনকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ মানসিক ভাৱে উৎসাহিত কৰা হয়। বিশেষ অনুষ্ঠানত উত্তৰ বেতনা হাইস্কুলৰ প্ৰাক্তন শিক্ষক ধাৰেশ্বৰ গোস্বামী, সমাজ কৰ্মী ভূৱনেশ্বৰ নাথ আৰু অংগনাবাদী কৰ্মী কনকলতা ডেকাই উপস্থিত থাকি সমাজত মৰ্যদা সহকাৰে জীয়াই থকাৰ লগতে চৰকাৰী বিভিন্ন আঁচনি সুফল পোৱাৰ যোগ্যতা আছে সেই সম্পৰ্কে ভাষণত উল্লেখ কৰে।
সভাপতি মাধৱ চন্দ্ৰ কলিতাই কয় যে উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীয়ে অনাগত দিনত এই সকল ব্যক্তিক চৰকাৰী সুবিধা লাভৰ ক্ষেত্ৰত বিভাগীয় ভাৱে সহায়-সহযোগ কৰিব বুলি কয়। অনুষ্ঠানত বিশেষভাৱে সক্ষম কমলজ্যোতি কলিতা, দেৱজিৎ বড়ো, পল্লৱী বেজবৰুৱা, সুমিত্ৰা বেজবৰুৱা, ৰাহুল ডেকা, সোনেশ্বৰ নাথ, তুলাসা দেৱী, মুন্না বড়ো আৰু ৰাজীৱ কলিতা উপস্থিত থাকে।