
চৰাইদেউঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ লোকক অন্ধকাৰত ৰাখি সম্পাদনা কৰা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট শীঘ্ৰে ৰাজহুৱা কৰাৰ লগতে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবীত বৃহস্পতিবাৰে চৰাইদেউ জিলাত ক্ইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো চুক্তি মানি নলও বুলি হুংকাৰ দিয়ে সংগঠন সমূহে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাত উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নাগালিম চুক্তি ৰাজহুৱা কৰাৰ দাবীত, আমচাঙৰ উচ্ছেদৰ বিৰোধিতা কৰি বৃস্পতিবাৰে সোণাৰি পাচ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। আদিবাসী সুৰক্ষা সমিতি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, কে এম এচ এচে শ শ লোকৰ উপস্থিতিত সমদল কৰি ৰাজ পথ উত্তাল কৰি তোলে৷
আমচাঙত খিলঞ্জীয়া লোকৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবী জনায়৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে সোণাৰিৰ আকাশ বতাহ কঁপাই তোলে সংগঠনকেইটাই। প্রতিবাদকাৰী সকলে চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদৰ্শন কৰি উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্রীক স্মাৰক পত্ৰ প্রদান কৰে৷ আনহাতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিত আমচাঙৰ অমানবীয় ভাবে উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন আৰু ক্ষতিপূৰণৰ প্ৰদানৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত ৰূপায়ণ কৰা কাৰ্সূচীৰ জৰিয়তে চৰাইদেউ জিলাক শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ জিলালৈ ৰূপান্তৰিত কৰা, চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ সমীপৰ ঐতিহাসিক নাহৰ আলি আৰু ধোদৰ আলিৰ মেৰামতিৰ ব্যৱস্থা কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ চৰাইদেউ জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীত স্মাৰক পত্র প্ৰদান কৰে টাই আহোম ছাত্ৰ সন্থাই।